এটা পিষ্টল, এটা গ্ৰেনেডসহ চাৰিজাই সজীৱ গুলী উদ্ধাৰ

নগাঁওঃ  নগাঁও আৰক্ষীয়ে ধিঙৰ শালকাটি গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অবৈধ মৰণাস্ত্ৰসহ এটা কুখ্যাত অপৰাধী আটক কৰে। আৰক্ষীয়ে আটক কৰা কুখ্যাত অপৰাধীটো শালকাটি গাঁৱৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে। 
নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলা এই অভিযানত মফিদুল ইছলামৰ ঘৰৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেডসহ চাৰিটা সজীৱ গুলী উদ্ধাৰ কৰে। 

জানিব পৰা মতে কুখ্যাত অপৰাধীটোৱে আৰক্ষীৰ অভিযান কালত তেখেতৰ ঘৰৰ দুৱাৰ খুলি দিয়া নাছিল, ফলত আৰক্ষীয়ে ধিং চক্ৰ বিষয়া মৃণাল বৰাৰ উপস্থিতিত অপৰাধীজনৰ গৃহৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি মফিদুলক আটক কৰে ৷ বৰ্তমান ধিং আৰক্ষীয়ে কুখ্যাত অপৰাধী মফিদুলক  ধিং থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে। আনহাতে ধৃত মফিদুল ইছলাম বিগত সময়তো বহুকেইটা অপৰাধৰ লগত জড়িত আছিল।

জয়ন্ত মুদৈ,নগাঁও