চৰাইদেউঃ ঐতিহাসিক ধোদৰ আলিত সম্প্ৰতি যান-বাহন দুৰাৰ কথা খোজকাঢ়ি যাব পৰাৰো পৰিৱেশ নাই৷ পুখুৰী সদৃশ দ গাতেৰে ভৰি পৰা পথটো বাৰিষাৰ সময়ছোৱাত অতি বিপদজনক হৈ পৰা দেখা গৈছে।
গড়কাপ্তানি বিভাগৰ দায়িত্বহীনতাৰ বাবে ঐতিহাসিক পথটোৰ এনে অৱস্থা হোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি, টাই আহোম যুৱ পৰিষদ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত কেইবাশতাধিক সোণাৰিবাসীয়ে বিধ্বস্ত ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷