Home ৰাজ্যতিনিচুকীয়াত বন্ধ সৰ্বাত্মক

তিনিচুকীয়াত বন্ধ সৰ্বাত্মক

by News Desk
61 views
A+A-
Reset

লিডুঃ ক্ৰমশ যেন অশান্ত হৈ পৰিছে অসম৷ হিন্দু, বাংলাদেশীক নাগৰিকত্ব দিয়াক লৈ বিজেপিৰ বিধায়ক শিলাদিত্যৰ লগতে একাংশই মৈত্য সন্মিলন অনুষ্ঠিত কৰাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে যোৱা নিশা তিনিচুকীয়া জিলাৰ ঢলাৰ খেৰবাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ গুলিয়াচালনাৰ ঘটনা। সন্দেহযুক্ত উগ্ৰপন্থীৰ কেডাৰে গুলীয়াই হত্যা কৰে ৫ জনকৈ বাংলা ভাষী সাম্প্ৰদায়ৰ ব্যক্তিক। নিহত বেংগলী সাম্প্ৰদায়ৰ লোক কেইজনৰ নাম শ্যামলাল বিশ্বাস, সুবল বিশ্বাস, অনন্ত বিশ্বাস, অবিনাস বিশ্বাস আৰু ধনঞ্জয় নমমুদ্ৰ বুলি জানিব পৰা গৈছে।

এই ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাতেই গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বৰ্তমানলৈকে কোনে উগ্ৰবাদী সংগঠনে এই ঘটনাক লৈ স্বীকাৰোক্তি প্ৰকাশ কৰা নাই যদিও আৰক্ষীয়ে আলফা (স্বা) জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ আনহাতে আলফা স্বাধীনে এই সমষ্ট ঘটনাৰ লগত আলফা জড়িত নহয় বুলি স্পষ্ট ৰূপত কয়৷ উল্লেখ্যযোগ্য যে যোৱা বৃহস্পতি বাৰে সন্ধিয়া ঢলাৰ খেৰবাৰী অঞ্চলৰ এখন লাইন হোটেলত কেইজনমান যুৱকে লুডু খেলি থাকোতে সামৰিক পোচাকত এটা দল আহি লোক কেইজনক মাটি ওচৰৰে এখন নৈ কাষলৈ নি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে। সেই অঞ্চলৰ প্ৰায় ছশ মিটাৰৰ আঁতৰতে অৱস্থিত এখন আৰক্ষী চকী। তৎসত্বেও কেনেকৈ এই হত্যাকাণ্ড সংঘটিত হ’ল তাক লৈ এতিয়া সৰ্বতে চর্চা চলিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0