মঙলদৈঃ দৰং জিলাৰ ধূলা অঞ্চলৰ পৰিবেশ তীব্ৰ উত্তেজনা আৰক্ষীৰ বৰ্বৰ প্ৰহাৰত এগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে যোৱা ৪০ ঘন্টাত দৰং জিলাৰ ধূলাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছিল যদিও ক্ৰমান্বয়ে স্বাভাৱীক হ’ব ধৰিছে পৰিৱেশ৷
আৰক্ষীৰ প্ৰহাৰত হাচান আলী নামৰ লোকজনৰ মৃত্যু হোৱাত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহি ঘাই পথ অৱৰোধ কৰাৰ লগতে ধূলা থানা ঘেৰাও কৰাৰ সময়তে আৰক্ষীৰ গুলীত আন এগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ উত্তেজনা ক্ৰমান্বয়ে শাম কাটিছে দৰং জিলাৰ ধূলাত৷