ডিজিটেল ডেস্কঃ এডোখৰ অমূল্য হীৰাৰ গৰাকী হোৱাৰ আশা পূৰণ হ'ব সাধাৰণ ভাৰতীয়ৰ। মাত্ৰ ৯০০ টকাতে হীৰা ক্ৰয়ৰ সুৱৰ্ণ সুযোগ শীঘ্ৰে দেশবাসীয়ে লাভ কৰিব। ইতিমধ্যে আৰম্ভ হৈছে সস্তা দামত হীৰা বিক্ৰীৰ প্ৰস্তুতি।

নতুন নিয়ম অনুসৰি শীঘ্ৰে কমোডিটী এক্সেঞ্জ বোৰ্ডে ৩০, ৫০ ছেণ্ট আৰু ১ কেৰেট ওজনৰ হীৰাখণ্ড দেশৰ বজাৰত বিক্ৰী কৰিব। ছেবিৰ অনুমতিক্ৰমে সংস্থাটোৱে আৰম্ভ কৰিব খুচুৰা ব্যৱসায়।

বৰ্তমান ৩০ ছেণ্ট ওজনৰ এটুকুৰা হীৰাৰ দাম হ'ল ২৭ হেজাৰ টকা। কিন্তু অনাগত সময়ত মাহিলী ৯০০ টকাকৈ কিস্তি ভৰি গ্ৰাহকে হীৰা ক্ৰয়ৰ সুযোগ পাব। ৩০ মাহলৈ গ্ৰাহকে পৰিশোধ কৰিব লাগিব কিস্তিৰ ধন।