ডিব্ৰুগড়ঃ  চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা কেইবাদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল। ফলত জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকূলৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ পৰিৱেশৰ। নিৰাপদ স্থান বিচাৰি হাবাথুৰি খোৱা বন্য জীৱ-জন্তুক উদ্ধাৰৰ বাবে এই পৰ্যন্ত বনবিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে।

ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ উফন্দি উঠা পানীৰে ৰাষ্ট্ৰীয় উদ্যানখন জলমগ্ন হৈ পৰাত খাদ্যৰ অভাৱতো বন্য জীৱকূলৰ মাজতো এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে আজি দিনটোলৈকে ডিব্ৰু নৈৰ লগতে ব্ৰহ্মপুত্ৰৰো পানী ক্ৰমাৎ বৃদ্ধি পাইছে। ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে বুলিও জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষই। 

উল্লেখ্য যে, দিনদিয়েক পূৰ্বে নিৰাপদ স্থান বিচাৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ২০ টাৰো অধিক বনৰীয়া ঘোঁৰা ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গৈছিল। উটি যোৱা ঘোঁৰাকেইটা জীয়াই আছে নে কোনো অঘটনৰ সন্মুখীন হ’ল সেয়াও জানিব পৰা হোৱা নাই। অৱশ্যে ইয়াৰে এটা ঘোঁৰা স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

বানৰ কবলত দধিয়া-লাইকা

ৰাষ্ট্ৰীয় উদ্যানখনৰ অভ্যন্তৰত থকা দধিয়া আৰু লাইকা অঞ্চলো বানত ডুব যোৱাৰ খবৰ পোৱা গৈছে। এফালে কৰ’নাৰ সংক্ৰমণ, আনফালে বানপানীৰ সৈতে মোকাবিলা কৰিবলগীয়াত পৰিছে দধিয়া-লাইকাবাসী। যোৱা চাৰিদিন ধৰি পানীৰ তলত আছে বনগাঁও দুখন। চাংঘৰ ডুব যোৱাৰ ফলত চাঙৰ ওপৰত চাং সাজি বাস কৰিবলগীয়া হৈছে বনগাঁওবাসী। 

ইতিমধ্যে জিলা প্ৰশাসনে এছ ডি আৰ এফৰ এটা দলসহ এখন ফেৰী নাও বনগাঁওখনলৈ প্ৰেৰণ কৰিছে। কিন্তু ১০ হাজাৰ লোক বাস কৰা বনগাঁওখনৰ লোকসকলক মাত্ৰ এখন ফেৰী নাৱেৰে উদ্ধাৰ কৰাটো কিদৰে সম্ভৱ হৈ উঠিব সেই লৈ প্ৰশ্ন উঠিছে। 

শেহতীয়াকৈ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই জানিবলৈ দিয়ামতে, উক্ত লোকসকলক উদ্ধাৰৰ বাবে দুখন নাও সাজু কৰি ৰাখিছে প্ৰশাসনে। তদুপৰি এই ক্ষেত্ৰত দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সম্পূৰ্ণৰূপে সষ্টম হৈ থকাৰ কথাও জানিবলৈ দিছে। বিধায়কগৰাকীয়ে লগতে সাহায্য প্ৰদানৰ প্ৰস্তুতি চলাই থকাৰ কথাও সদৰী কৰিছে।