গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনা৷ সমাজখনত মাতৃ, ভগ্নীসকলে সুৰক্ষিত হোৱাটো দুৰৰ কথা নিজ ঘৰখনতে মহিলা-যুৱতী কন্যা শিশু এতিয়া সুৰক্ষিত নহয়৷ মহিলা-যুৱতী কন্যা শিশু এতিয়া ক’তো সুৰক্ষিত নহয়৷
নিজ ঘৰ খনৰ লগতে ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷