117
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী কেৰিমেৰিত আজি বিয়লি পানীত পৰি এটি কন্যা শিশুৰ মৃত্যু হয়। ঘটনাৰ বিৱৰণী মতে, বেছামাৰী গাঁৱৰ মোক্তাৰ হুছেইন কবিৰৰ কন্যা মাহিন আহমেদ (2) ককাকৰ ঘৰত ফুৰিবলৈ আহি ঘৰৰ লগতে থকা পুখৰীত পৰি মৃত্যুক আকোঁৱালি লয়। পাছত পৰিয়ালৰ লোকে শিশুটিক নগাঁৱলৈ নিয়ে যদিও চিকিৎকে মৃত বুলি ঘোষণা কৰে।