Home ৰাজ্যডিগবৈত মুৰ্তি বিসৰ্জন দিবলৈ গৈ পুখুৰীত এজন যুৱকৰ সলিল সমাধি

ডিগবৈত মুৰ্তি বিসৰ্জন দিবলৈ গৈ পুখুৰীত এজন যুৱকৰ সলিল সমাধি

by webmaster
0 comments
A+A-
Reset
safe_image

ডিজিটেল ডেক্স, লিডু: বিজয়া দশমীৰ উল্লাস উদ্দিপনাৰ মাজতে তিনিচুকীয়া জিলাৰ ডিগবৈত সংঘটিত হয় এক ভয়ঙ্কৰ ঘটনা ৷ পুখুৰীত দেৱী বিসৰ্জন দিবলৈ গৈ সলিল সমাধি ঘটে সঞ্জয় বৈদ্য নামৰ এজন যুৱকৰ ৷
ডিগবৈৰ কালিবাৰী পূজা কমিটিৰ হৈ দেৱী বিসৰ্জন দিবলৈ গৈছিল যুৱকজন। দেৱীমাৰ প্ৰতিমুৰ্তী পানীত বিসৰ্জন দিবলৈ বুলি নামোতেই হঠাৎ সন্ধানহীন হৈ পৰে যুৱকজন ৷ ৰাইজৰ মাজত সৃষ্টি হয় চিঞৰ বাখৰ ৷ পৰিৱেশ ক্ৰমশ উত্তপ্ত হৈ পৰে ৷ যুৱক জনক বিছাৰি ৰাইজে বিসৰ্জনস্থলীত বুৰমাৰি সন্ধানৰ চেষ্টা চলাই যদিওঁ যুৱকজনৰ কোনো সম্ভেদ নোলোৱাত প্ৰশাসনক খবৰ দিয়া হয় ৷
স্থানীয় আই অ চিৰ প্ৰশাসনৰ চেফটিৰ বাবে ৰখা দুবাৰু সকলে যুৱকজনৰ সন্ধানৰ বাবে ঘটনাস্থলীলৈ গৈ বহু সময় ধৰি চেষ্টা চলাই যদিওঁ কোনো সম্ভেদ লাভ নকৰাত উত্তেজিত ৰাইজে খঙত দুবাৰু সকলকে অপদস্থ কৰে ৷ ।উত্তপ্ত ৰাইজে বহুত সময় ধৰি যুৱক জনক সন্ধান নোলোৱাত আই অ চি ৰ প্ৰশাসনে ৰখা দুবাৰুৱ সকলৰ নাওঁ পুখুৰীত বগৰাই পেলাই কৰ্মৰত দুবাৰো সকলক মাৰ ধৰ কৰিবলৈ ধৰে। ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷
আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে লাঠী চার্জ কৰিব লগা হয় ৷ পাছত তিনিচুকীয়াৰ পৰা অতিৰিক্ত আৰক্ষী বিষয়াই লগত অনা ( কানো দাস) নামৰ এজন পাকৈত দুবাৰুৱে প্ৰায় ২০ তলৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
প্ৰশাসনে ততালিকৈ ঘটনা সংঘটিত হোৱা সেই পুখুৰিটোত বিসৰ্জন দিয়াটো বন্ধ কৰি দিয়ে ৷

webmaster
Author: webmaster

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0