filephoto
filephoto

newsnextone.com | ৰঙিয়াঃ শুকুৰবাৰে কামৰূপৰ ৰঙিয়াত প্ৰথমটো ডিজিটেল চিনেমা গৃহৰ উদ্ধোধন কৰা হয়৷ ৰঙিয়াত ডিলাইট গ’ল্ড নামৰ ডিজিটেল চিনেমা গৃহটো আনুষ্ঠানিক ভাৱে মুকলি কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷ কেইবাশতাধিক লোকৰ উপস্থিতিত প্ৰস্তুতি পৰাশৰে অসমীয়া ছবি জগতক লৈ মন্তব্য প্ৰকাশ কৰে৷ 

অসমৰ সংস্কৃতিক জগতখনক চহকী কৰাৰ বাবে ৰাজ্য চৰকাৰে মিনি চিনেমা গৃহ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিছতো নিৰ্মাণৰ বাবে পদক্ষেপ হাতত নোলোৱাটো দুৰ্ভাগ্যজনক বুলি কয় প্ৰস্তুতিয়ে। ৰঙিয়া ষ্টেচনত ডিলাইট গ'ল্ড চিনেমাৰ শুভ উদ্বোধন কৰি অসমৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অসমৰ বিভিন্ন প্ৰান্তত স্থাপন হবলৈ ধৰা এনেধৰণৰ অত্যাধুনীক চিনেমা গৃহ সমূহৰ দ্বাৰা নিশ্চয় অসমীয়া ছবিসমূহ অসমৰ ৰাইজে আঁদৰি ল’ব। বিশেষকৈ ৰঙিয়াৰ দৰে এখন গুৰুত্বপূৰ্ণ স্থানত ব্যৱসায়ী দুলু শইকীয়াৰ দৰে একোজন ব্যক্তিয়ে এনেধৰণৰ ছবি গৃহ নিৰ্মাণ কৰাটো শলাগ লবলগীয়া বিষয় বুলি কয়।

ৰঙিয়াত স্থাপন হোৱা এনেধৰণৰ ডিজিটেল চিনেমা গৃহত কামৰূপ, নলবাৰী আৰু বাক্সা জিলাৰ সংস্কৃতিক প্ৰেমী ব্যক্তিসকলে হিন্দী চিনেমাৰ লগতে অসমীয়া কথা ছবি উপভোগ কৰিব পাৰিব বুলি অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

প্ৰাক্তন ছাত্ৰ নেতা মোহন মাধৱ বৰ্মেনে আঁত ধৰা সভাত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ পিতৃ বিজয় শৰ্মা, প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, বিজিপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক তবিবুৰ ৰহমান, ৰঙিয়া পৌৰ সভাৰ সভানেত্ৰী সীমা বৈশ্য উপস্থিত থাকে৷