বিশেষ প্ৰতিবেদনঃ দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননক লৈ কৰ’না কালৰ মাজতে ছ’চিয়েল মিডিয়াযোগে ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰতিবাদ। বৰ্ষাৰণ্যখনৰ অন্তৰ্গত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমিত ক’ল ইণ্ডিয়া লিমিটেডক কয়লাৰ খনন চলাবলৈ অনুমোদন জনোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে বিষয়টোক লৈ সৰৱ হৈ পৰে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী ৰাইজ তআথ দল-সংগঠনসমূহ।

উল্লেখ্য যে, যোৱা ৭ এপ্ৰিলত লকডাউনৰ মাজতে অনুষ্ঠিত হৈছিল নেশ্যনেল ব’ৰ্ড অব ৱাইল্ডলাইফ চমুকৈ এনবিডব্লিউএলৰ ষ্টেণ্ডিং কমিটিৰ বৈঠক। এই বৈঠকত অধ্যক্ষতা কৰিছিল কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে। বৈঠকত মুঠ ১১ খন ৰাজ্যৰ বন্যপ্ৰাণী সুৰক্ষা বিষয়টোৰ সৈতে সাঙোৰ খাই থকা একাধিক উন্নয়নমূলক প্ৰকল্পত অনুমোদন জনোৱা হয়।

দ্য হিন্দু, হিন্দুস্তান টাইমছকে আদি কৰি কেবাখনো ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত বাতৰি অনুযায়ী সেইদিনাৰ অনলাইন বৈঠকত অনুমোদন জনোৱা হোৱা উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত দিহিং পাটকাইৰ হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমিত কয়লা খননৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডে আগবঢ়োৱা প্ৰস্তাৱো আছে। এই কথা প্ৰকাশ পোৱাৰ পিছতে পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা প্ৰকাশিত দুখনমান দৈনিক কাকত আৰু কেবাটাও টিভি চেনেলতো উক্ত বাতৰি প্ৰকাশ পায়।

পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত বহু নেটিজেনে 'আমাজনৰ বৰ্ষাৰণ্য’ত বনজুই সংঘটিত হোৱাৰ সময়ত সকলোৱে প্ৰতিবাদ জনোৱা প্ৰসংগ উল্লেখ কৰি দক্ষিণ-পূব এছিয়াৰ আমাজন স্বৰূপ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং-পাটকাইৰ হৈ মাত মাতিবলৈ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসংখ্যা লোকে লকডাউনৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াযোগেই চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰোধিতা কৰে। 

নেচাৰ্ছ বেকনৰ প্ৰতিবাদ

নেটিজেনসকলৰ দৰেকৈ দিহিং পাটকাইক বৰ্ষাৰণ্য হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান আৰু বৰ্ষাৰণ্যখনৰ অতিকমেও ১৫০ বৰ্গ কিলোমিটাৰ অঞ্চলক সামৰি অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত দুই দশক পূৰ্বে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰকৃতিপ্ৰেমী সংগঠন 'নেচাৰ্ছ বেকনে’ও প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ৬ মে’ত সংগঠনটোৰ অফিচিয়েল ফেচবুক পেজৰ জৰিয়তে প্ৰতিষ্ঠাপক তথা পৰিচিত পৰিৱেশ সুৰক্ষা কৰ্মী সৌম্যদ্বীপ দত্তই চৰকাৰৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। 

Nature's Beckon, Northeast India পেজটোত ৬ মে’ৰ দিনৰ ১.০৬ বজাত কৰা পোষ্ট এটাত দত্তই কৈছে, 'নেচাৰ্ছ বেকন যিমান দিন আছে সিমান দিন দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খান্দিব কোনেও নোৱাৰে। প্ৰায় ১২ বছৰ ধৰি অসমৰ মানুহ আৰু নেচাৰ্ছ বেকনে একত্ৰিত ভাবে যুজঁ দি দিহিং পাটকাইক অভয়াৰণ্যৰ মৰ্যদা দিয়াইছিল। আমি প্ৰহৰী হৈ দিহিং পাটকাই অভয়াৰণ্যক সদায় বুকুত বান্ধি আছো। দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খান্দিব যোৱাটো অলীক সপোন।’

৩০ এপ্ৰিলতো দত্তই এখন দৈনিক কাকতৰ আগত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য অথবা অভয়াৰণ্যৰ দাতিকাষৰীয়া বৰ্ষাৰণ্য অঞ্চলত কয়লা অথবা যিকোনো খনন তথা প্ৰকল্পৰ সিদ্ধান্তক কোনোপধ্যেই সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিছিল। ২৯ এপ্ৰিলত এটি ইউটিউব ভিডিঅ’ৰ জৰিয়তেও তেওঁ একেই মন্তব্য কৰিছে। অৱশ্যে ভিডিঅ’টোত দত্তই এয়াও কৈছিল যে দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন কৰা বাতৰিটো সংবাদ মাধ্যমযোগেহে শুনিছে, নিজে ইয়াৰ সত্যতা সম্পৰ্কে তেওঁ ১০০ শতাংশ নিশ্চিত নহয়।

কয়লা খননত অনুমোদন জনোৱাৰ বাতৰিৰ সত্যতা সম্পৰ্কে নিশ্চিত নহ’লেও দত্তই ভিডিঅ’টোত ঘোষিত অভয়াৰণ্যখনৰ লগতে ইয়াৰ চাৰিওপিনে থকা পূৰ্বে নেচাৰ্ছ বেকনে চৰকাৰক দিয়া প্ৰস্তাৱত থকা অভয়াৰণ্যৰ অন্তৰ্গত অঞ্চলসমূহতো কয়লা খননৰ পৰিকল্পনাক বাস্তৱায়িত হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰিছে। পৰিৱেশ সুৰক্ষা কৰ্মীগৰাকীয়ে এই ক্ষেত্ৰত সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে চৰকাৰে যদি তেনে কোনো পৰিকল্পনা কৰিছে তেন্তে সেয়া বন্ধ কৰিবলৈকো ভিডিঅ’টোৰ জৰিয়তে দাবী জনাইছে।

'আজি আমি এনেকুৱা এটা মুহূৰ্তত আছো, য’ত আমাৰ অৰণ্যৰ এটি সামান্যতম অংশও ক্ষতি হ’বলৈ এৰি দিব নোৱাৰো। পৰ্যায়ক্ৰমে প্ৰকল্প কৰি অৰণ্য ধ্বংস কৰিব, সেইটো হ’বই নোৱাৰে। ইতিমধ্যে, আমাৰ হাতীবোৰ অত্যন্ত অসুবিধাত আছে, হাতীৰ লগতে বহু মানুহো অসুবিধাত আছে। চেষ্টা হৈ আছে হাতীৰ বাসস্থান পুনৰ উদ্ধাৰৰ বাবে। তেনেক্ষেত্ৰত কৰবাত কিবা কৰিব, কৰবাত কয়লা খান্দিব, সেইটো সহ্য কৰা নহ’ব।’-২৯ এপ্ৰিলৰ ভিডিঅ’টোত এইদৰে কয় দত্তই। 

নেচাৰ্ছ বেকনৰ দুমুখীয়া স্থিতি

দিহিং পাটকাই প্ৰসংগক লৈ কেবাদিনো ধৰি সৰৱ হৈ থকাৰ অন্তত যোৱা ১৯ মে’ত পুনৰ আন এটি ভিডিঅ’ মুকলি কৰি দিয়ে নেচাৰ্ছ বেকনে। ফেচবুক পেজযোগে মুকলি কৰি দিয়া প্ৰায় দুই মিনিটৰ ভিডিঅ’টোত মঙলবাৰে সংস্থাটোৰ হৰ্তা-কৰ্তা সৌম্যদ্বীপ দত্তই অসমবাসী ৰাইজক আশ্বাস প্ৰদান কৰে যে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত চৰ্চা চলি থকাৰ দৰেকৈ প্ৰকৃততে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যৰ আভ্যন্তৰত কয়লা খননৰ কোনো অনুমতি প্ৰদান কৰা নাই।

কেৱল অভয়াৰণ্য অঞ্চলেই নহয়, নেচাৰ্ছ বেকনে ২০০২-২০০৩ চনত অভয়াৰণ্য ঘোষণা কৰিবলৈ আগবঢ়োৱা প্ৰস্তাৱত উল্লেখ থকা দিহিং পাটকাইৰ ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলতো তেনেধৰণৰ কয়লা খননৰ পৰিকল্পনা চৰকাৰে কৰা নাই বুলিও ভিডিঅ’টোত দত্তই স্পষ্ট কৰি দিয়ে। 'অকল দিহিং পাটকাই ৱাইল্ডলাইফ ছেনচুৱেৰীয়েই নহয়, দিহিং পাটকাই ছেনচুৱেৰীৰ বাবে আমি প্ৰথম যিটো প্ৰপোজেল দিছিলো সেই ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ ভিতৰতো কোনোধৰণৰ কয়লা খননৰ পৰিকল্পনা এই মুহূৰ্তত নাই। দিহিং পাটকাই অভয়াৰণ্য সম্পূৰ্ণ সুৰক্ষিত হৈ আছে।’-দিহিং পাটকাইৰ সুৰক্ষাৰ বাবে নেচাৰ্ছ বেকনে জন্মলগ্নৰে পৰা কাম কৰি আহিছে আৰু আজীৱন কাম কৰি যাব বুলি উল্লেখ কৰি এইদৰে কয় দত্তই।

সৌম্যদ্বীপ দত্তৰ এই ভিডিঅ’টোৰ পিছতেই সমগ্ৰ ৰাইজ বিভ্ৰান্ত হৈ পৰে। একাংশ লোকে যদি দিহিং পাটকাই সুৰক্ষিত হৈয়ে আছে তেন্তে পূৰ্বতে কিয় নেচাৰ্ছ বেকনে ইয়াৰ প্ৰতিবাদ জনাই সংবাদ মাধ্যমক বিবৃতি প্ৰদান কৰিছিল বুলিও প্ৰশ্ন কৰে। আন একাংশই আকৌ চৰকাৰৰ পৰিৱৰ্তে সৌম্যদ্বীপ দত্তইহে দিহিং পাটকাইত কয়লা খননৰ কোনো পৰিকল্পনা চৰকাৰে কৰা নাই বুলি স্পষ্টীকৰণ দিয়াতো আশ্চৰ্য প্ৰকাশ কৰে। বহুতে নেচাৰ্ছ বেকনে চৰকাৰৰ সৈতে বুজাপৰা কৰি ৰাইজক বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপন কৰা দেখা গৈছে।

কিয় চৰকাৰৰ পৰিৱৰ্তে সৌম্যদ্বীপ দত্তই স্পষ্টীকৰণ দিলে?

মঙলবাৰে সৌম্যদ্বীপ দত্তই ভিডিঅ’যোগে দিহিং পাটকাইত চৰকাৰে কয়লা খননৰ পৰিকল্পনা কৰা নাই বুলি অসমবাসী ৰাইজক অৱগত কৰোৱাৰ পিছতে চৰকাৰৰ পৰিৱৰ্তে কথাটো তেওঁহে কিয় ক’লে বুলি কৰা প্ৰশ্ন সন্দৰ্ভত ফেচবুক পোষ্টযোগে এই কথা জনাবলৈ চেষ্টা কৰিছে এগৰাকী সাংবাদিকে। 'নিউজ লাইভ’ নামৰ ব্যক্তিগত ছেটেলাইট চেনেল এটাত কৰ্মৰত সাংবাদিক পংকজ কুমাৰ দত্তই কয় যে ৰাজ্যৰ এগৰাকী আগশাৰীৰ চিন্তাবিদ ডঃ হীৰেন গোঁহাইয়ে এখন কাকতত বিষয়টোক লৈ সৌম্যদ্বীপ দত্তৰ প্ৰসংগ উল্লেখ কৰা বাবেহে দত্তই ভিডিঅ’যোগে বিষয়টো স্পষ্ট কৰি দিছে।

'এটা কথা ঠিক যে, কয়লা খননৰ প্ৰসংগটোত স্পষ্টীকৰণ চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষই দিব লাগে। কিন্তু এই বিষয়টোত কিয় উত্তৰ দিবলগীয়া হ'ল সৌম্যদ্বীপ দত্তই? ডঃ হীৰেন গোঁহাই ছাৰে কি লিখিছিল, সংলগ্ন 'পেপাৰ কাট'টো পঢ়ি ল'ব। গোঁহাই ছাৰে সৌম্যদ্বীপ দত্তৰ কথা উল্লেখ কৰাত সৌম্যদ্বীপ দত্তই ভিডিঅ'যোগে উত্তৰটো দি ক'লে, 'দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ কোনো সিদ্ধান্ত হোৱা নাই।’-হীৰেন গোঁহাইয়ে সৌম্যদ্বীপ দত্তৰ প্ৰসংগ উল্লেখ কৰা পেপাৰ কাটৰ ফটো সন্নিবিষ্ট কৰি ফেচবুক পোষ্টটোত এইদৰে উল্লেখ কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

সৌম্যদ্বীপৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মঞ্চত মিছা তথ্য দাখিল কৰাৰ অভিযোগ

মঙলবাৰে নেচাৰ্ছ বেকনৰ প্ৰতিষ্ঠাপক সৌম্যদ্বীপ দত্তই পূৰ্বৰ স্থিতি সলনি কৰি ভিডিঅ’যোগে স্পষ্টীকৰণ দিয়াৰ পিছতে ছ’চিয়েল মিডিয়াত একাংশ লোকে দত্তৰ কথাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে। দত্তই বহু বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সুৰক্ষা সংগঠনক অসম সম্পৰ্কে ভুল তথ্য প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰে ভিন্নজনে।

এই সন্দৰ্ভত তথ্যৰ অনুসন্ধান কৰাত NNO-এ ২০০৩ চনৰ ২৮ অক্টোবৰত 'দ্য টেলিগ্ৰাফ’ কাকতত প্ৰকাশিত এটি বাতৰি লাভ কৰে। উক্ত বাতৰিটোত প্ৰকাশ পোৱা মতে, অসম চৰকাৰৰ বন বিভাগে বন্যপ্ৰাণী সুৰক্ষাৰ সৈতে জড়িত স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ বিৰুদ্ধে আন্তৰ্জাতিক বন্যপ্ৰাণী সুৰক্ষা সংস্থা International Primate Protection League চমুকৈ IPPLক ভুৱা তথ্য প্ৰদান কৰি বিদেশী সাহায্য লাভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

বন বিভাগৰ তেতিয়াৰ যুটীয়া সচিব আনোৱাৰুদ্দিন চৌধুৰী আৰু মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এন চি মালাকাৰে 'দ্য টেলিগ্ৰাফ’ৰ আগত জনোৱা মতে সৌম্যদ্বীপ দত্তই IPPLৰ আগত নেচাৰ্ছ বেকনে বন বিভাগৰ বিষয়া, বনৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু অসম আৰক্ষীৰ সৈতে আলোচনাত মিলিত হৈ চোৰাং চিকাৰীক বাধা দিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰা বুলি জনাইছিল যদিও প্ৰকৃততে সংস্থাটোৱে তেনে কোনো কাম কৰাই নাছিল। IPPLৰ ৱেবছাইটত সংৰক্ষিত হৈ থকা ২০০৩ চনৰ আগষ্ট সংখ্যাৰ নিউজলেটাৰত NNO-এ প্ৰত্যক্ষ কৰে যে নেচাৰ্ছ বেকনে দুখনকৈ বৰ্ষাৰণ্য আৱিষ্কাৰ কৰা সম্পৰ্কে মুখ্য বন সংৰক্ষক মালাকাৰৰ সৈতে আলোচনা কৰা বুলি দত্তই উল্লেখ কৰিছে। 

কিন্তু টেলিগ্ৰাফৰ বাতৰিটোত দত্তই IPPLৰ উক্ত নিউজলেটাৰত কৰা দাবীক সম্পূৰ্ণৰূপে ভিত্তিহীন আখ্যা দিছে। এই সন্দৰ্ভত টেলিগ্ৰাফৰ আগত তেতিয়াৰ মুখ্য বন সংৰক্ষক মালাকাৰে কৈছে, 'দত্তই নিউজলেটাৰত দাবী কৰা ধৰণে আমি তেনে কোনো প্ৰস্তাৱত অনুমোদন জনোৱা নাই। আমাৰ সৈতে সংস্থাটোৱে সেই সম্পৰ্কে কোনো আলোচনাও কৰা নাই। দুখনকৈ বৰ্ষাৰণ্য আৱিষ্কাৰ কৰা বুলিও তেওঁ দাবী কৰিছে। তেওঁ কৰা এনে দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন।’ একেদৰে উক্ত দাবী সন্দৰ্ভত যুটীয়া সচিব চৌধুৰীয়ে টেলিগ্ৰাফৰ আগত কয় যে বিদেশী সংস্থাৰ পৰা আৰ্থিক সাহায্য পোৱাৰ লোভতেই দত্তই এনেদৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত মিছা দাবী কৰিছে।

NNO-এ প্ৰত্যক্ষ কৰা IPPLৰ নিউজলেটাৰৰ ২০০৩ চনৰ আগষ্ট সংখ্যাত পৰিৱেশ সুৰক্ষাৰ বাবে নেচাৰ্ছ বেকনে কৰা এনে প্ৰশংসনীয় কামৰ বাবে ১০০০ মাৰ্কিন ডলাৰ সংস্থাটোৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে বুলিও স্পষ্টকৈ উল্লেখ আছে। এই সন্দৰ্ভত টেলিগ্ৰাফৰ সৈতে হোৱা বাৰ্তালাপত সৌম্যদ্বীপ দত্তই কৈছে যে IPPLৰ পৰা লাভ কৰা ধন সংস্থাটোৱে ৰাইজক পৰিৱেশ সুৰক্ষা সম্পৰ্কে সজাগ কৰাৰ বাবে বেনাৰ-পোষ্টাৰ আদি প্ৰকাশ কৰাত ব্যৱহাৰ কৰিছে।

তেওঁ কাকতখনৰ আগত বন বিভাগে নেচাৰ্ছ বেকনৰ স্বেচ্ছাসেৱী সদস্যসকলে বন ৰক্ষী আৰু অন্যান্যসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা বন বিভাগে অস্বীকাৰ কৰা কাৰ্যক লৈয়ো আশ্চৰ্য প্ৰকাশ কৰিছে। 'নেচাৰ্ছ বেকনৰ স্বেচ্ছাসেৱকসকলৰ কথা গোটেই অসমেই জানে। তেনেক্ষেত্ৰত বনবিভাগে কিয় নাজানো বুলি কৈছে সেয়া আমাৰ বোধগম্য নহয়। আমি বিদেশী সংস্থাৰ ধন পাবলৈ মিছা কথা কৈছো বুলি বন বিভাগে কৰা দাবীও হাস্যকৰ।’-টেলিগ্ৰাফত ২০০৩ চনৰ ২৮ অক্টোবৰত প্ৰকাশিত বাতৰিটোত এইদৰে কৈছে দত্তই।  

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, খনিজ মন্ত্ৰী চুম' ৰংহাঙৰ তৎপৰতা

দিহিং পাটকাইত কয়লা খননৰ অনুমোদনক লৈ তৰ্ক-বিতৰ্ক অব্যাহত থকাৰ মাজতে বুধবাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যত সবিশেষ জনাবলৈকো নিৰ্দেশ প্ৰদান কৰাৰ কথা ছ’চিয়েল মিডিয়াযোগে সদৰী কৰে।

ফেচবুক আৰু টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'দিহিং পাটকাই অভয়াৰণ্য পৰিদৰ্শন কৰি অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ সবিশেষ বুজ ল'বলৈ পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক নিৰ্দেশ দিছোঁ। অসমৰ উন্নয়নৰ সমান্তৰালভাৱে আমাৰ চহকী বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবেও আমি সম্পূৰ্ণৰূপে দায়ৱদ্ধ।’

ইফালে, মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশৰ মাজতে আজি ৰাজ্যৰ খনিজ মন্ত্ৰী চুম' ৰংহাঙৰ বিভাগীয় কাৰ্যায়লত বিষয়টোক লৈ এখন বৈঠকো অনুষ্ঠিত হয়। এই বৈঠকত অবৈধ খনন ৰোধ কৰিবৰ বাবে খনি বিভাগৰ সঞ্চালকৰ নেতৃত্বত এখন টাস্ক ফ'ৰ্চ গঠন কৰাৰ লগতে এসপ্তাহৰ ভিতৰত টাস্ক ফ’ৰ্চে বিষয়টোৰ তদন্ত কৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ মতে, বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে দিহিং পাটকাইৰ চালেকী বনাঞ্চলৰ এটা অংশত ২০০৩ চনৰ পৰাই অবৈধ খনন চলি আহিছে বুলি স্বীকাৰ কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা বুলি জানিব পৰা গৈছে। মন্ত্ৰীগৰাকীয়ে অভয়াৰণ্যখনৰ বৰ্হি ভাগত চলা খননো অবৈধ বুলি সদৰীৰ কৰাৰ কথা বৈঠকত উল্লেখ কৰিছে এটি সূত্ৰই NNO-ক জানিবলৈ দিছে।

দিহিং পাটকাইত কয়লা খনন চলাৰ অভিযোগ কিমান সত্য?

যি সময়ত অসম তথা ভাৰতত ইণ্টাৰনেট তথা মোবাইল ফোন সংযোগৰ কোনো উন্নত ব্যৱস্থা নাছিল সেই সময়তে বহু বাধা-বিঘিনি নেওচি দিহিং পাটকাইক অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ তথা বৰ্ষাৰণ্য হিচাপে অঞ্চলটোৰ গুৰুত্ব সম্পৰ্কে আন্তৰাষ্ট্ৰীয় মঞ্চক অৱগত কৰিছিল নেচাৰ্ছ বেকনৰ প্ৰতিষ্ঠাপক পৰিৱেশ সুৰক্ষা কৰ্মী সৌম্যদ্বীপ দত্তই। NNO-এ International Primate Protection Leagueৰ ৱেবছাইটৰ আৰ্কাইভ পৰিদৰ্শন কৰি ২০০০ চনতে বিষয়টোক লৈ দত্ত তথা তেওঁৰ নেতৃত্বাধীন নেচাৰ্ছ বেকনে কিমান সৰৱ হৈ পৰিছিল সেয়া জানিব পাৰিছে। 

দিহিং পাটকাইক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা আৰু সেই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ চৰকাৰক বাধ্য কৰোৱা এটা সময়ত সততে সৰৱ হৈ পৰা সংস্থা তথা পৰিৱেশ সুৰক্ষা কৰ্মীগৰাকীয়ে মঙলবাৰে হঠাতে কিয় সুৰ সলনি কৰিলে তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলা দেখা গৈছে। 

বিশেষকৈ দিহিং পাটকাই অভয়াৰণ্যত আশে-পাশে অবৈধ কয়লাৰ খনন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰৰ কাৰ্যকালতো অব্যাহত থকা বুলি লোকসভাত ২০১৯ চনৰ ১৯ আগষ্টত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে স্পষ্টকৈ কোৱাৰ পিছতো নেচাৰ্ছ বেকনৰ সৌম্যদ্বীপ দত্তই শেহতীয়া ভিডিঅ’টোত কিয় অভয়াৰণ্যখনত কোনোধৰণৰ খনন হোৱা নাই আৰু খননৰ পৰিকল্পনা কৰা নাই বুলি ৰাইজক আশ্বস্ত কৰিবলৈ চেষ্টা চলাইছে সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে। 

লোকসভাত দাখিল কৰা তথ্যৰ লগতে বিগত বৰ্ষৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ এখন পত্ৰৰ  (F. No.8-61/2012-FC/3015 নম্বৰ) সৈতে সংলগ্ন ক্ষেত্ৰ পৰ্যবেক্ষণৰ প্ৰতিবেদনত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমিত ক’ল ইণ্ডিয়া লিমিটেডে কয়লা খননৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা স্পষ্টকৈ কোৱা হৈছে। প্ৰতিবেদনখনত ২০০৩ চনত চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছতো ক’ল ইণ্ডিয়া লিমিটেডে কয়লা খনন অব্যাহত ৰখা বুলিও উল্লেখ আছে।

NNO-ৰ তৰফৰ পৰাও স্থানীয় একাংশ লোকৰ সৈতে কৰা টেলিফোনিক বাৰ্তালাপত দিহিং পাটকাই বৰ্ষাৰণ্যৰ বিস্তীৰ্ণ অঞ্চলৰ আশে-পাশে অবৈধ কয়লা খনন বৰ্তমানো অব্যাহত থকাৰ কথা জানিব পৰা গৈছে। অৱশ্যে এই পৰ্যন্ত NNO-ৰ সাংবাদিকে উক্ত স্থানলৈ গৈ পৰ্যবেক্ষণ কৰি চাক্ষুষ প্ৰমাণ সংগ্ৰহ কৰাতো সম্ভৱ হৈ উঠা নাই।