photo by Robertson Tanti
photo by Robertson Tanti

ডিমাকুছিঃ ওদালগুৰিৰ হাতীগড় চাহাৰা ক্লাৱৰ উদ্যেগত অনুষ্ঠিত চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্টত হাতীগড় চাহাৰা ক্লাৱে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

আজি অনুষ্ঠিত চূড়ান্ত খেলখনত চাহাৰা ক্লাৱে পশ্চিম পটলাৰ বিৰুদ্ধে ছয় উইকেটত জয়লাভ কৰে। হাতীগড় চাহ বাগিছাৰ খৈৰাবাৰী খেলপথাৰত অনুষ্ঠিত টুৰ্ণামেণ্ট খনত মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰে।

চূড়ান্ত খেলত মেন অৱ দ্যা মেচ আৰু ছিৰিজৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় চাহাৰা ক্লাৱৰ বিকাশ নায়কে। শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে চাহাৰা ক্লাৱৰে গোবীন্দ কাৱাঁৰে।

হাতীগড় চাহাৰা ক্লাৱৰ সভাপতি ৰঞ্জিত তাঁতীৰ পৌৰহিত্যত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিজয়ী দলক বঁটা প্ৰদান কৰে ওদালগুৰিৰ অতিৰিক্ত উপায়ুক্ত দিঠকানন্দ হাজৰিকা এম. চি. এল. এ. সুৰেশ তাঁতী আৰু হাতীগড় চাহ বাগিছাৰ জ্যেষ্ঠ পৰিচালক প্ৰাণপ্ৰতীম ভট্টাচাৰ্যই।