newsnextone.com। ডিমাকুছিঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ডিমাকুছি চেন্ট্ৰেল বেংকৰ সন্মুখত শুকুৰবাৰে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মহিলাৰ মৃত্যুক লৈ সমগ্ৰ ডিমাকুছিত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে ডিমাকুছি চাহ বাগিছাৰ দিপেন চহৰীয়াৰ পত্নী তুলিকা চহৰীয়াই নিজৰ সম্পৰ্কীয় দেউৰেক জোন শৰ্মাৰ লগত ডিমাকুছিৰ পৰা দুচকীয়া বাহনেৰে গৃহমুখী হৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এএচ-০১- ডিডি-০৪৮৬ নম্বৰৰ ট্ৰাকখনে প্ৰথমে খুন্দিয়াই পলায়ন কৰে৷