ডিমৌঃ অসমীয়া বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী৷ বিহুটোক উলহ-মালহেৰে পালন কৰিবৰ বাবে সকলোতে এতিয়া প্ৰস্তুতিত ব্যস্ত ৷ ঠিক সেই দৰে ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাণ কৰা শিল্পীসকলৰ৷
প্ৰতিখন শালতে এতিয়া ব্যস্ত তেওঁলোক৷ ডিমৌৰ শান্তিপুৰৰ ঢোল নিৰ্মাণ কৰা শিল্পীৰ পৰিয়ালৰ গাত আনন্দ উল্লাস৷ কোনোৱে যদি ঢোলৰ খোলা তালি লগোৱাত ব্যস্ত, কোনোৱে আকৌ গৰু ছালৰ পৰা বৰতি কাটিছে ৷ ইফালে কোনোজনে যদি বৰতিবোৰ তালিত মাত তৈয়াৰ কৰা খোলাবোৰ শাৰী শাৰীকৈ শুকোৱাইছে আৰু অন্তিম পৰশ দি সাজু কৰি তুলিছে ঢোল৷