গুৱাহাটীঃ ষ্টেট বেংক অব ইণ্ডিয়াৰ সহযোগত অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীক উদ্দেশ্যি আৰম্ভ কৰিছে ‘বিদ্যালক্ষ্মী’ আৰু ‘আপোন ঘৰ’ নামৰ দুখন আঁচনি৷ আজি বিত্ত বিভাগ আৰু ষ্টেট বেংক অব ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ মাজত নেডফি হাটত অনুষ্ঠিত অনুষ্ঠানত বিত্তমন্ত্ৰীৰ উপস্থিতিত এক বিশেষ চুক্তি স্বাক্ষৰিত হয়৷

অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব ভি কে পিপাৰচেনিয়া, এছ বি আইৰ স্থানীয় মুখ্য কাৰ্যালয়ৰ প্ৰবন্ধক পি ভি এছ এল এন মূৰ্তি, বিত্ত সচিব ভি কে প্যাৰেলাল, বিত্ত বিভাগৰ আয়ুক্ত ড০ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাই৷

প্ৰথমবাৰৰ বাবে কোনো ৰাজ্যিক চৰকাৰে কৰ্মচাৰীৰ বাবে এনে আঁচনি গ্ৰহণ কৰাটো সুখবৰ৷ অহা মে’ মাহৰ তৃতীয় সপ্তাহত কমেও দহ হাজাৰ ৰাজ্যিক কৰ্মচাৰীক খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰদ্বাৰা ঋণ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে৷

আপোন ঘৰ আঁচনিখনৰ জৰিয়তে ন্যূনতম পাঁচ বছৰ চাকৰিকাল থকা অসম চৰকাৰৰ স্থায়ী কৰ্মচাৰীয়ে সৰ্বোচ্চ ১৫ লাখ পৰ্যন্ত গৃহ ঋণ, ঋণৰ ৩.৫০ শতাংশ সুত চৰকাৰে ৰাজসাহায্য হিচাপে প্ৰদান কৰিব, ঋণ পৰিশোধৰ সময়সীমা হ’ব ২০ বছৰ, চেক অফ সুবিধাৰে ডিডিঅ’ৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু এই ঋণ এছ বি আই লাইফ ঋণ ৰক্ষা পলিচীৰ অধীনত বীমাই সামৰি ল’ব৷

আনহাতে বিদ্যালক্ষ্মী আঁচনিখনৰ জৰিয়তে দেশ বা বিদেশত উচ্চশিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বাবে ১০ লাখ টকাৰ ঋণ ল’ব পাৰিব৷ পাঁচ বছৰ কাল চাকৰি থকা অসম চৰকাৰৰ স্থায়ী কৰ্মচাৰীৰ সতি-সন্ততিৰ বাবে এই সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ ঋণ পৰিশোধৰ সময়সীমা হ’ব ১৫ বছৰ৷

উল্লেখযোগ্য যে কোনো জামানত প্ৰতিভূতি আৰু মাৰ্জিন নাই এই আঁচনিত৷ ডি ডি অ’ৰ পৰা চেক অফ সুবিধা, এছ বি আই লাইফ ঋণ ৰক্ষা পলিচীৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ বীমাকৰণৰ সুবিধাও চৰকাৰে প্ৰদান কৰিছে৷