গুৱাহাটীঃ নৱম শ্ৰেণীত পঢ়ি থকা কালতে এটি গীত গাই অসমবাসীৰ আপোন হৈ পৰা সুকন্ঠী গায়িকা দিপালী বৰঠাকুৰ অসুস্থ হৈ মহানগৰীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছে৷ চৰাইদেউ জিলাৰ সোণাৰিৰ নীলমনি বাগানত জন্ম গ্ৰহণ কৰা দিপালী বৰঠাকুৰে নৱম শ্ৰেণীত পঢ়ি থকা কালতে ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’ গীতটো গাই জনপ্ৰিয় হৈ পৰিছিল।
ইয়াৰ পাছতে তেওঁৰ কণ্ঠই সমগ্ৰ অসমত জনপ্ৰিয়তা লাভ কৰে। ৰাজ্যজুৰি জুবিন গাৰ্গৰ বোলছবি মিচন ছাইনাৰ জয়জাত্ৰাৰ সময়তে সুকন্ঠি গায়িকাগৰাকী অসুস্থহৈ নেমকেয়াৰ হস্পিতালত ভৰ্তি হ’ব লগা হয়৷ কুকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ চিকিৎসাক সমস্ত খৰচ বহন কৰিছে নেমকেয়াৰ হস্পিতালে৷