ৰঙিয়াঃ গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকল৷ সমাজৰ প্ৰতিনিধিত্ব কৰি সমাজখনক এটা সুষ্ট দিশলৈ পৰিচালিত কৰা সাংবাদিকৰ কাম৷ সমাজৰ যত গুন-দোষ আঙুলিয়াই প্ৰকৃত সাংবাদিকে নিজৰ কৰ্তব্য পালন কৰে৷ কিন্তু কিছুসংখ্যক এই সামাজৰ ব্যক্তিয়েই কৰা দোষবোৰ সাংবাদিক সকলে আঙুলিয়াই দিলে আঙুলি ভাঙি দিয়ে৷ ভুলৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মাত মাতিলেই ৰুদ্ধ কৰি পেলাই কণ্ঠস্বৰ৷
অনুৰূপ ভাবেই জীৱনৰ মোহ এৰিবলৈ বাধ্য হৈ আহিছে পৃথিৱিৰ বহু সত্যনিষ্ঠ সাংবাদিকে৷ জাভেইৰ ভলডেজ, ৰিচাৰ্ড মনলুই কেব্ৰেৰা অথবা এইখন অসমৰে পৰাগ কুমাৰ দাস, এই সকলো সাংবাদিকেই সমাজত ঘটি থকা অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল বাবেই নিধন হব লগা হৈছিল আততায়ীৰ হাতত৷