ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমাৰ অন্তৰ্গত টিলাইডাঙা অঞ্চলত অবৈধভাৱে নিৰ্মান হোৱা একাংশ ইটাভাটা নিৰ্মানকলৈ সৰৱ হৈ পৰিছে আছুৰ হাওৰাঘাট আঞ্চলিক সমিতি৷ 

এক প্ৰেছ বিবৃতিত হাওৰাঘাট আছুৰ সভাপতি আৰু সম্পাদক ক্ৰমে, নিকলাছ ৰাজবংশী আৰু সুভাষ বৰাই অভিযোগ উত্থাপন কৰে যে, উল্লেখিত অঞ্চলটোত ঘন জনবসতি পূৰ্ণ হোৱাৰ পিছতো এলেকাটোত নিৰ্মাণহোৱা ইটাভাটা সমূহে প্ৰদূষণ সৃষ্টি কৰি জনস্বাস্থ্যলৈ ভাবুকি আনিব আৰু ই উদ্বেগৰ কাৰণ৷

ইটা ভাটা কেইটাৰ হেম ছাহু মালিকানাধীন ভাটাটোত চলিত বৰ্ষ ১৫ জুনত হত্যাৰ দৰে এক ঘটনা সংঘটিত হোৱাৰ ঘটনা উল্লেখ কৰি আছুৱে জিলা উপায়ুক্তলৈ অবৈধ ভাটা সমূহ বন্ধ কৰা, ভাটাত হোৱা হত্যাকাণ্ডৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰা আৰু মৃত শ্ৰমিক পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া আদি দাবীসম্বলিত এক স্মাৰক পত্ৰও অৰ্পণ কৰে বুলিও বিবৃতিটোত প্ৰকাশ৷