119
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ বৰভেটি গাঁও নিৱাসী বিনাবালা বৰাৰ সোমবাৰে পুৱা ১০.১৫ বজাত নিজ বাসগৃহত বিয়োগ হয়। ৬৯ বছৰীয়া মহিলা গৰাকীৰ যোৱা কিছুদিনৰপৰা যকৃত আৰু হাঁওফাওঁৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
২০১১ চনত বটদ্ৰৱাৰ বৰভেটি প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা বিনাবালা বৰাই আইসকলৰ নাম প্ৰসংগতো অংশ গ্ৰহণ কৰিছিল।