Home ৰাজ্যকাইলৈ সুধাকণ্ঠৰ মৃত্যুতিথি, শ্ৰদ্ধাঞ্জলি জ্ঞাপন

কাইলৈ সুধাকণ্ঠৰ মৃত্যুতিথি, শ্ৰদ্ধাঞ্জলি জ্ঞাপন

by News Desk
A+A-
Reset
bhupen

ডিফুঃ ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে——-৷’ সুধাকণ্ঠ এই কালজয়ী গীতটিয়ে আজিৰ পৰিস্থিতিত বিশেষ তাৎপৰ্য বহন কৰিছে৷ কাইলৈ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী৷ এই উপলক্ষে পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ঐতিহাসিক ডিফু ক্লাবতো দুদিনীয়া কাৰ্যসূচীৰে সুধাকণ্ঠৰ মৃত্যু দিৱসটি পালন কৰা হৈছে৷ অনুৰাগীসকলে প্ৰয়াত শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ডিফু আঞ্চলিক ছাত্ৰ সন্থা, ডিফু সাহিত্য সভা, ডিফু ক্লাব আৰু ডিফু কলা কেন্দ্ৰই যৌথভাৱে আয়োজন কৰা সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী কাৰ্যসূচীৰ প্ৰথম দিনা জিলা ভিত্তিত বিভিন্ন প্ৰতিযোগীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু স্বৰচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ চিত্ৰাংকণ প্ৰতিযোগিতাত ১৫০ গৰাকী শিশু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ‘ক’ আৰু ‘খ’ শাখাত ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ চিত্ৰাংকণ প্ৰতিযোগিতাত ভাষ্কৰ্য শিল্পীদ্বয় সত্যেন্দ্ৰ তেৰাং আৰু যুগল তালুকদাৰ আৰু ভূপেন্দ্ৰ প্ৰতিযোগিতাৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী জয়মতী নাৰ্জাৰী, ৰূপণ গোস্বামী আৰু কস্তুৰী বুঢ়াগোহাঁয়ে বিচাৰকৰ আসন অলংকৃত কৰে৷ সুধাকণ্ঠৰ আলোকচিত্ৰত ডিফু সংবাদ জগতৰ বাটকটীয়া তথা সাংবাদিক পেঞ্চনাৰ নগেন বৰাৰ বন্তি প্ৰজ্বলনেৰে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰম্ভ কৰা হয়৷ কাইলৈ সুধাকণ্ঠৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0