নগাঁওঃ তিৱা ভাষা সাহিত্যৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্য আগত ৰাখি তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা) ৰ উদ্যোগত আজি নগাঁও জিলাৰ কাছমাৰীত এক বৰ্ণাঢ্য পৰিবেশত দিনযোৰাকৈ তিৱা সাহিত্য সমাৰোহ সম্পন্ন হৈ যায় ৷ তদুলক্ষে পুৱা এই সমাৰোহৰ পতাকা উত্তোলন কৰি তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি লাল সিং মাদাৰে তিৱা ভাষাটো আজিলৈকে লিখিত ৰূপত প্ৰতিষ্ঠা নোহোৱাত গভীৰ দুখ প্ৰকাশ কৰি ভাষাটোক নতুন ৰূপত লিখিত ভাৱে প্ৰতিষ্ঠা কৰিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰে ৷
স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অৰ্জুন বৰদলৈয়ে ৷ তাৰ পাছতে সমাৰোহখনি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তুলসী বৰদলৈয়ে ৷ নগাঁও জিলা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি বীৰেণ লালুঙে আদৰণি ভাষন প্ৰদান কৰা সমাৰোহখনিত বিশিষ্ট অতিথি ৰূপে ভাষন প্ৰদান কৰি বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বিশেশ্বৰ বসুমতাৰীয়ে কয় যে তিৱা সাহিত্যত প্ৰয়োগ হোৱা শব্দ সমূহৰ মূল উৎসৰ অনুসন্ধান আৰু বিশ্লেষন ভাষাটো ধৰি ৰখাৰ বাবে অতি দৰকাৰী কথা ৷
প্ৰায় চাৰি কুৰি ন- পুৰণি তিৱা কবি আৰু গল্পকাৰে সম্পূৰ্ণ তিৱা ভাষাত ৰচিত চুটি গল্প আৰু কবিতা পাঠ কৰা সমাৰোহখনিৰ সঞ্চালনা কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাটৰ আৰু প্ৰাক্তন সাধাৰণ সম্পাদক ডি উফিং মাছলাইয়ে ৷ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ড° বিদুৎ বিকাশ সেনাপতিয়ে উদ্দেশ্য বাখ্যা কৰা বৰ্ণাঢ্য অনুষ্ঠানটিত তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় উপসভাপতি শৰৎ চন্দ্ৰ পাটৰ , দীপেন্দ্ৰ নাথ বৰদলৈ , সহ সম্পাদক যোগেশ্বৰ বৰদলৈ , উপদেষ্টা ৰূপকৃষ্ণ পাটৰ , নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰহ্লাদ মছৰং , সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ সভাপতি প্ৰশান্ত কোঁৱৰ , সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকা ৰজা , স্থানীয় বিশিষ্ট ব্যক্তি ভূৱন মোহন ডেকা , মুকুল ডেকা , জিলা সমিতিৰ বিষয়বৱীয়া ৰাজু কুমাৰ পাটৰকে ধৰি কাৰ্বিআংলং , মৰিগাঁও , কামৰূপ , ধেমাজি আৰু নগাঁও জিলাৰ বহু সংখ্যক তিৱা সাহিত্য সভাৰ প্ৰতিনিধি আৰু কবি সাহিত্যিকে এই সমাৰোহত অংশ গ্ৰহন কৰে ৷
সমাৰোহৰ শেষত সাংবাদিকৰে হোৱা কথা বতৰাত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি লালসিং মাদাৰে কয় যে আজি সমাৰোহত পঠিত হোৱা চুটি গল্প আৰু কবিতা সমূহ আগন্তুক তিৱা সাহিত্য সভাৰ পশ্চিম কাৰ্বি আংলংঙৰ উমচোৱাই অধিবেশনত গ্ৰন্থৰূপে প্ৰকাশ কৰা হ’ব ৷
জয়ন্ত মুদৈ,নগাঁও