ডিফুঃ লোকসভা নিৰ্বাচনত ৩ নং স্বায়ত্ত শাসিত ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বীৰেনছিং ইংতিলৈ নি:চৰ্ত সমৰ্থন জনাইছে কাৰ্বি আংলং জিলাৰ বিৰোধী ৰাজনৈতিক দল এইচডিচি আৰু চিপিআই(এমএল) তথা সহযোগী দল-সংগঠনসমূহে৷

দ্বিতীয় পৰ্যায়ত ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ বাবে এই সমৰ্থনে বিশেষ তাৎপৰ্য বহন কৰিছে৷ এজনৰ পাছত আনজন বিজেপিৰ প্ৰভাৱশালী নেতাই দল এৰি কংগ্ৰেছ দলত যোগদান কৰাৰ সময়তে আজি আঞ্চলিক দল এইচএছডিচি আৰু চিপিআই(এমএল)এ কংগ্ৰেছ দললৈ সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে৷ 

কংগ্ৰেছ দললৈ নি:চৰ্ত সমৰ্থন দিয়াৰ ঘোষণা কৰে শুকুৰবাৰে কেএনচিএ, এইচএছডিচি আৰু চিপিআই(এমএল) দলে৷ ডিফুৰ জিলা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত চিপিআই(এমএল) দলৰ হিলছ পাৰ্টী কমিটীৰ সম্পাদক ৰবী কুমাৰ ফাংচ’ই কয় যে বিজেপি হ’ল এক সাম্প্ৰদায়িক ফেচিষ্ট দল৷

এইটো দলে অসম তথা উত্তৰ পূব ভাৰতবৰ্ষৰ জনতাক নি:শেষ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ সাম্প্ৰদায়িক ৰাজনীতি কৰা দলটোৱে সমাজখন ভাগ ভাগ কৰিছে ধৰ্মৰ নামত৷ বিজেপিয়ে দেশৰ সংবিধান, দেশৰ স্বতন্ত্ৰ সংস্থা ৰিৰ্জাভ বেংক, চিবিআই সকলোকে অৱমাননা কৰি কাম কৰিছে৷ সেয়ে এনে ফেচিষ্ট দলক বাধা দিয়াৰ বাবেই তেওঁলোকৰ দলৰ কেডাৰসকলে বিনাচৰ্তে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীক ভোট দিব বুলি কয়৷

পাহাৰৰ শক্তিশালী মহিলা সংগঠন কেএনচিএৰ নেত্ৰী প্ৰতীমা ইংহিপীয়ে সংবাদ মেলত কয় যে আমি বহু দিন ধৰি বিৰোধীৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ চেষ্টা অব্যাহত ৰাখিছিলোঁ৷ তাৰ বাবে অল পাৰ্টী হিলছ লীডাৰ কনফাৰেন্স, এএছডিচি, জাকাছ আদি দলৰ লগত আলোচনা কৰিছিলোঁ৷ কিন্তু দলকেইটাই বিৰোধীৰ ভোট একত্ৰিত ৰোধ কৰি বিজেপিক বাধা দিয়াৰ চেষ্টা ফলৱৰ্তী নহ’ল৷ 

শাসকীয় বিজেপিৰ চক্ৰান্তততে সেয়া সম্ভৱ নহ’ল বুলি কয় নেত্ৰীগৰাকীয়ে৷ সেয়ে বিজেপিক বাধা দিবলৈ কংগ্ৰেছেই এতিয়া শক্তিশালী দল বাবেই এইবাৰৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী বীৰেনছিং ইংতিক তেওঁলোকে ভোট দিব৷

এইচএছডিচিৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে কয় যে বিজেপি অসম তথা অসমৰ খিলঞ্জীয়া জনতাৰ বিৰোধী৷ দলটোৱে সমগ্ৰ দেশত অঘোষিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছে৷ সেয়েহে এইচএছডিচি আৰু চিপিআই(এমএল) দলৰ পঞ্চাশ হাজাৰ ভোটাৰে বিজেপিক বাধা দিয়াৰ স্বাৰ্থত কংগ্ৰেছ দলক ভোটদান কৰিব৷ 

তেওঁ ৰাইজকো বিজেপিৰ বিৰুদ্ধে ভোটদান কৰাৰ আহ্বান জনায়৷ দলটোৰ সভাপতি চেলাবৰ বেয়ে কয় বিজেপিৰ ৰাষ্ট্ৰীয় সংকল্প পত্ৰত কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক লৈ স্বায়ত্ত্বশাসিত ৰাজ্য গঠন কৰাৰ কোনো প্ৰস্তাৱ নাই৷ কিন্তুু কা্‌বি আংলং বিজেপিয়ে উলিয়াইছে সুকীয়া নিৰ্বাচনী ইস্তাহাৰ৷

য’ত পাহাৰৰ জনতাক স্বায়ত্ত্বশাসিত ৰাজ্য দিয়া হ’ব বুলি কৈছে৷ তেওঁৰ প্ৰশ্ন, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে স্বায়ত্ত্বশাসিত ৰাজ্য দিব নেকি বুলি কটাক্ষ কৰে৷ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়ত এনে সমৰ্থনে বিজেপিৰ শিবিৰত কেনে প্ৰভাৱ পৰে সেয়া লক্ষণীয় হৈ পৰিছে৷