♦ ১১৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োগ কৰা হৈছে ৫৭৪৫ নিৰ্বাচনী বিষয়া-কৰ্মী

ডিফুঃ ৩ নং স্বায়ত্ব শাসিত জিলাৰ ডিফু লোকসভা সমষ্টিটোৰ মুঠ ৭ লাখ ৯৫ হাজাৰ ৮৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৫ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য৷

ইতিমধ্যে তিনি পাৰ্বত্য জিলাৰ মুঠ ১১৭৪ টা ভোটকেন্দ্ৰলৈ জিলা নিৰ্বাচনী বিষয়াই মুঠ ৫৭৪৫ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মীক নিৰ্বাচনত প্ৰয়োজন হোৱা ইভিএম, ভিভি পেট আৰু আনান্য সামগ্ৰী তথা নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰিছে৷

বুধবাৰে সন্ধিয়া এক সংবাদমেল আয়োজন কৰি জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই এই কথা সদৰি কৰে৷ উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ সমষ্টিটোত দিব্যাংগসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়া শাৰী পতাৰপৰা ৰেহাই দিয়াৰ স্বেচ্ছাসেৱক সকলৰদ্বাৰা অট' ৰিক্সা, ট্ৰাই চাইকেল, হুইল চেয়াৰ আদিৰ ব্যৱস্থা কৰা হৈছে৷

ইফালে আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ৩ নং স্বায়ত্ব জিলা ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে জিলা নিৰ্বাচনী বিষয়াই পূৰ্ণ তৎপৰতাৰে প্ৰস্তুতি চলাই অন্তিম ক্ষণলৈ শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া চলাই নিয়া পৰিলক্ষিত হৈছে৷

লোকসভা নিৰ্বাচনৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই কেইবাখনো সংবাদমেল অনুষ্ঠিত কৰিছে৷ আজি বিয়লি উপায়ুক্তগৰাকীয়ে পুনৰ আন এক সংবাদ মেলৰ আয়োজন কৰি সাংবাদিকৰ সৈতে তথ্য বিনিময় কৰে৷

উপায়ুক্তগৰাকীয়ে সংবাদমেলত সদৰি কৰা অনুসৰি তিনি পাৰ্বত্য জিলা মুঠ ৭ লাখ ৯৫ হাজাৰ ৮৪ গৰাকী ভোটাৰে মনোনয়ত গৃহীত হোৱা ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ মুঠ ভোটাৰৰ ৪ লাখ ৪ হাজাৰ ৫৩৩ জন পুৰুষ ভোটাৰ, ৩ লাখ ৯০ হাজাৰ ৫৪৫ গৰাকী মহিলা ভোটাৰ, ১ হাজাৰ ৬শ ১০ গৰাকী দিব্যাংগ, ৮৬০ গৰাকী ছাৰ্ভিচ ভোটাৰ আৰু ৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷

মুঠ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ১১৭৪ টা৷ হাফলং, বোকাজান, হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিৰ বাবে মুঠ ৫৭৪৫ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মী কৰ্তব্যত নিয়োজিত কৰি হৈছে৷ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে সৰু-বৰ ১২১৮ খন যান-বাহন অধিগ্ৰহণ কৰি ভোট কেন্দ্ৰসমূহলৈ যাতায়াতৰ সুবিধা কৰা হৈছে যদিও প্ৰতিকূল বতৰ আৰু কেতবোৰ ঠাইত বাট-পথৰ অৱস্থা শোচনীয় হোৱাৰ বাবে কিছু সমস্যাৰো সৃষ্টি হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷

লঘু বাহন ৭৬৫ খন, মিনিবাছ ২০২ খন, ডাঙৰ বাছ ২২০ খন, ট্ৰাক ৬ খন, ট্ৰেক্টৰ ৬ খন  ৰিকভাৰী ভান ১১ খন  আৰু জেচিবি ৪ খন৷ নিৰ্বাবচন সুকলমে চলাই নিবলৈ হাফলঙত ১২০০, বোকাজানত ১০২০, হামৰেণত ১৪৮০ আৰু ডিফুত ২০৪৫ গৰাকী বিষয়া কৰ্মীক নিয়োগ কৰা হৈছে৷ 

নিৰ্বাচনী আদৰ্শ আচৰণ বিধিৰ বাবে হাফলঙত ৪ টা, বোকাজানত ৮টা, ডিফুত ৬ টা আৰু হামৰেণত ৪ টা ফ্লাইং স্কোৱাড গঠন কৰা হৈছে৷ আনহাতে হাফলঙৰ ৫টা, বোকাজানত ৩টা,  হাওৰাঘাটত ৫টা, ডিফুৰ ৫টা আৰু বৈঠালাংচ'ত ৫ টা ভোট কেন্দ্ৰৰ সৰ্বমুঠ ২৩ টা ভোট কেন্দ্ৰত এশ শতাংশ মহিলা নিৰ্বাচনী বিষয়া-কৰ্মীয়ে নিৰ্বাচনী কাৰ্য চলাব৷

হাফলঙৰ ১৫টা পশ্চিম কাৰ্বি আংলঙত ২০ টা আৰু কাৰ্বি আংলঙত ৩৫ ভোট কেন্দ্ৰত ৱেভ কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ ডিফু লোকসভা সমষ্টিত ১১৩ টা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে৷ আৰু মুঠ ৩৩ টা আদৰ্শ ভোটকেন্দ্ৰ আছে৷ এইবাৰ ডিফু নিৰ্বাচনী জিলাৰ মুঠ ৬২০০ গৰাকী নতুন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।