♦ ছালগাওকাৰ এফ চি গোৱাৰ হাতত শ্ৰীলংকা ৪-১ গলত ধৰাশায়ী
♦ ছালগাওকাৰ এফ চি গোৱা ছেমি ফাইনেলত স্থান নিশ্চিত
ডিফুঃ ২৭ ফেব্ৰুৱাৰীৰপৰা ১৪ ফেব্ৰুৱাৰীলৈকে ডিফুৰ নৱনিৰ্মিত কাছা খেলপথাৰত চলি থকা চতুৰ্থ চি ই এম স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে এখন হাই ভল্টেজ দিবা-নৈশ খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ছালগাওকাৰ এফ চি গোৱা বনাম শ্ৰীলংকাই সন্ধিয়া ৬-৩০ বজাৰপৰা আৰম্ভ হোৱা খেলখনত ছালগাওকাৰ এফ চি গোৱাই প্ৰথমৰপৰাই আধিপাত্য বিস্তাৰ কৰি শ্ৰীলংকাক অত্যাধিক চাপত ৰাখিবলৈ সক্ষম হয়৷
খেলখনৰ প্ৰথমাৰ্ধৰ ২০ মিনিটতে ছালগাওকাৰ এফ চিৰ সৌৰভ পেটেলে জাভালেন এফ চি শ্ৰীলংকাৰ গলৰক্ষকক পৰাভূত কৰি প্ৰথমটো গল দি দলক ১-০ৰ অগ্ৰগতি দিয়ে।
ইয়াৰ পাছত ক্ৰমান্বয়ে ৩৮ মিনটত ছালগাওকাৰৰ অধিনায়ক চেমুয়েল কষ্টাই দ্বিতীয়টো গল দিয়ে, ৪৬ মিনিটত ছালগাওকাৰ এফ চিৰ হৈ দেৱেদ্ৰা মৰৱেংকৰ তৃতীয়টো গল দি দলক ৩-০ৰ অগ্ৰগতি প্ৰদান কৰে৷ শ্ৰীলংকা দলৰ হৈ প্ৰথমাৰ্ধত যুদি নবীনে এটা পোনপটীয়া শ্বটেৰে ছালগাওকাৰ এফ চিৰ নেটত বল সোমোৱাই দি এটা গল পৰিশোধ কৰিবলৈ সক্ষম হয়৷
ইয়াৰ পাছত দ্বিতীয়াৰ্ধৰ ৬২ মিনিটত ছালগাওকাৰৰ হৈ ছাইশ হালাৰৱকৰে চতুৰ্থটো গল দি দলক ৪-০ ৰ অগ্ৰগতিৰে দলক শক্তিশালী স্থিতিত উপনিত কৰায় ৷ আনহাতে ছালগাওকাৰ এফ চি গোৱাৰ খেলুৱৈসকলৰ সুন্দৰ খেল আৰু নিখুঁত পাছৰ বাবে জাভালেন শ্ৰীলংকাই খেলৰ প্ৰথমাৰ্ধত দলৰ কোনো প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে৷
আনহাতে খেলৰ অন্তত ছালগাওকাৰ ৪-০ ৰ ব্যৱধানত বিজয়ী হৈ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়৷ প্ৰত্যাশিত মেন অফ ড্যা মেচৰ সন্মান লাভ কৰে ছালগাওকাৰ এফ চিৰ ছাইশ হালাৰ ৱকাৰে৷
খেলৰ অন্তত মেন অফ ড্যা মেচৰ বঁটা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এম এ চি ৰিচাৰ্ড টকবীয়ে৷ খেলখন পৰিচালনা কৰে কাৰ্বি আংলঙৰ বাজ' তিচ'ৱে ৷ তেওঁক লাইনত সহায় কৰে ক্ৰমে ব্ৰজেন তিমুঙ আৰু প্ৰতাপ হাঞ্চেই৷ চতুৰ্থ ৰেফাৰী হিচাপে থাকে অৰবিন কিলিং৷