ডিফুঃ আঠদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰপৰা কাৰ্বি আংলং জিলাৰ সদৰ ডিফুস্থিত অসম ৰাইফলছৰ চৌহদত অসম ৰাইফলছৰ তত্বাৱধানাত অখিল ভাৰতীয় কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷

এই উপলক্ষে আজি ডিফু চহৰৰ নৱ-নিৰ্মিত খাছী খেল পথাৰ প্ৰাংগনত প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ে৷

উক্ত প্ৰতিযোগিতাত ভাৰতৰ ১৪ খন ৰাজ্যৰ মুঠ ২২ টা পুলিচ কমাণ্ডো দলে অংশগ্ৰহণ কৰিছে৷ প্ৰতিযোগিতাসমূহৰ ভিতৰত থাকিব স্মল টীম অপাৰেছন (জংঘল), স্মল টীম অপাৰেছন (আৰবান), বেট'ল অবষ্ট্ৰল ক'ৰ্চ, ফায়াৰিং বেট'ল ল'ডৰ লগতে বিভিন্ন শাৰীৰিক দক্ষতাৰ প্ৰশিক্ষণ৷ বৰ্ণাঢ্য উদ্ধোধনী অনুষ্ঠানত ২১ পাৰা (এছ এফ)ৰ ক্ষুদ্ৰ দলে হেলিকাপ্টাৰৰপৰা ৰছীৰে উঠা-নমা আৰু আৰু প্ৰায় ৮ হাজাৰ ফুট ওপৰৰপৰা পেৰাছুটেৰে স্কাই ডাইভিং প্ৰদৰ্শন কৰাৰ লগতে আকৰ্ষণীয় সমৰ কলাৰপৰা আৰম্ভ কৰি চি এফ এফৰ ফ্ৰী ফল আৰু মণিপুৰৰ শিল্পীসকলে মাছকুলাৰ ড্ৰাম "ৰীডম অফ মণিপুৰ" শীৰ্ষক নৃত্যৰে দৰ্শক সকলক আপ্লুত কৰে৷

আৰম্ভণি ভাষণত অসম ৰাইফলছৰ লেফটেণেণ্ট জেনেৰেল সুখদীপ ছাংৱানে ৰাজ্যপাল ৰায় আৰু গণ্য-মান্য ব্যক্তিসকলক আদৰণি জনোৱাৰ লগতে সেনা জোৱানসকলক স্বদেশত শক্তিশালী, পৰাক্ৰমী, সন্মুখৰপৰা যুঁজিব পৰা পুলিচ নিৰ্মাণত সহযোগ দিবলৈ প্ৰতিযোগীসকলক উৎসাহ যোগায়৷

উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু বিকাশৰত নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিয়াত অসম ৰাইফলছৰ উদ্যম আৰু গতিশীলতাক শলাগ লয়৷

মুখ্য অতিথি তথাগত ৰায়ে নিজৰ ভাষণত গৰ্বৰে কয় যে, অসম ৰাইফলছে "উত্তৰ পূৰ্বাঞ্চলৰ বন্ধু সেনা" হিচাপে কাম কৰাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে৷ অসম ৰাইফলছৰ শীৰ্ষ বিষয়াসকলে কয় যে, উক্ত প্ৰতিযোগিতাৰ জৰিয়তে সেনাৰ সন্মুখৰপৰা যুঁজাৰ কৌশলৰ শুধৰণি কৰাৰ লগতে সেনাৰ শাৰীৰিক, মানসিক স্থিৰতা, শ্বুটিং কৌশল, কঠিন পৰিস্থিতিত নেতৃত্বৰ গুণৰ পৰীক্ষা কৰা, আৰু ভাৱনা শক্তিক উৎসাহ যোগোৱা৷

আনহাতে উক্ত প্ৰতিযোগিতা অহা ৯ জানুৱাৰীত কাছা খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিব৷

আজিৰ কাৰ্যসূচীত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ক মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে কাৰ্বি পৰাম্পৰাগত সাজ-পাৰেৰে আৰু পহ' গামোচাৰে সম্বৰ্ধনা জনায়৷