75
ডিফুঃ দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত হাওৰাঘাট বেল’গুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শনিবাৰে সফল সামৰণি পৰে।
কালি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি খনছিং ৰংপিয়ে। পৰৱৰ্তী কাৰ্যসূচীমৰ্মে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সম্বলিত এখনি বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰা হয়।