বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জয়চান্দলাল সিংহী সোঁৱৰণি বাবুৰহাট স্পোৰ্টছ ক্লাব আৰু লাইব্ৰেৰীৰ সৌজন্যত গোৱালেৰ চৰ বাবুৰহাট প্ৰাংগণত অষ্টম বাৰ্ষিক দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি শুকুৰবাৰে পুৱা ঌ বজাত পতাকা উত্তোলন। পতাকা উত্তোলন কৰে কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলীয়ে।

পুৱা ১১ বজাত বৃক্ষ ৰোপন। বৃক্ষ ৰোপন কৰে কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ বিউটি জেছমিনা বেগমে। উক্ত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধনী গীত পৰিৱেশন কৰে স্থানীয় শিশু শিল্পী দুগৰাকীয়ে।

পাছত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া সুবব্ৰত সেন উপস্থিত থাকি সন্ধিয়া ৬ বজাত ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধনী খেলখন বাবুৰহাট স্পোৰ্টচ ক্লাব আৰু কোকৰাঝাৰ সপ্তম বেটেলিয়ানৰ আৰক্ষীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়। 

প্ৰতিযোগিতাখন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। উক্ত খেলত বহুতো গন্য-মান্য ব্যক্তি সকলৰ লগতে সহস্ৰাধিক ৰাইজে উপস্থিত থাকি খেল উপভোগ কৰে।