ডিফুঃ ডিফুবাসীৰ বাবে এটি সুখবৰ! এতিয়াৰে পৰা ডিফু টাউন ডিফু চিটি হিচাপেহে জনাজাত হ’ব৷ বুধবাৰে ডিফুৰ কাছা স্পৰ্টচ কমপ্লেক্সত আয়োজন কৰা সংবাদমেল যোগে এই সুখবৰ দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদসস্য তুলিৰাম ৰংহাঙে৷ ইতিমধ্যে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদক চি আই ডি এছ আঁচনিৰ অধীনত ১০০ কোটি আবণ্টন পোৱা বুলি জানিব দিছে৷
এইলৈ কাৰ্বি আংলং স্বায়ত্ত পৰিষদে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব দিছে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে৷ বুধবাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিভিন্ন স্থান পৰিদৰ্শন কৰি বিয়লি পৰিষদ সচিবালয়ৰ বিষয়া, কৰ্মী অভিযন্তা ডিফু মিউনিচিপালটি বৰ্ডৰ অধ্যক্ষ, ৱাৰ্ড কমিচনাৰ অনান্য বিভাগীয় বিষয়া কৰ্মীক লৈ এক আলোচনাত মিলিত হয়৷