ডিফুঃ বিভিন্ন উন্নয়ণমূলক আঁচনিৰ অধীনত শনিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত নিৰ্মিয়মান একাধিক কামৰ পৰ্যবেক্ষণ কৰি কামসমূহৰ অগ্ৰগতিৰ বুজ লয় টীম কাৰ্বি আংলং সহ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ পোন প্ৰথমে কাৰ্যবাহী সদস্য গৰাকীয়ে ১৫ আগষ্টৰ পূৰ্বে স্থাপনৰ লক্ষ্য লৈ নিৰ্মিত হৈ থকা ডিফু মৎস্য উদ্যানলৈ গৈ নিৰ্মিয়মান উদ্যানটোৰ আন্ত:গাথনিৰ কামৰ বুজ লয়৷
ইয়াৰ পিছত ক্ৰমে, ডিফুৰ লৰুলাংচ’ৰপৰা আইটিআইলৈ যোৱা পথ বহলীকৰণৰ কামৰ অগ্ৰগতিৰ উমান লয়৷ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে পথছোৱাত সুবিধাজনৰ নলা আৰু ব’ল্ডাৰকামৰ লগতে বাৰিষা কালৰ পূৰ্বেই গুণগত মান বিশিষ্টৰে কামটো সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ আনহাতে, মুখ্যকাৰ্যবাহী সদস্য গৰাকীয়ে টীম কাৰ্বি আংলংসহ ডিফু চহৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ অংশ স্বৰূপে ডিফু নদী সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ডিফু নদীৰ পাৰ নিৰ্মানৰ কামৰ অগ্ৰগতিৰ বুজ লয়৷