ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কালি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত জিলা প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে৷ এই উপলক্ষে ডিফু কলাকেন্দ্ৰৰ চৌহদত জিলা প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে জিলা প্ৰেছ ক্লাবৰ সভাপতি কিৰি ৰংহাঙে৷ ইয়াৰ পিছত জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ বন্তি প্ৰজ্বলনেৰে ডিফু কলাকেন্দ্ৰৰ সভাকক্ষত কিৰি ৰংহাঙৰ সভাপতিত্বত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুকলি সভা অনুষ্ঠিত হয়৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে, অসমবাণী কাকতৰ সম্পাদক দিলীপ চন্দন, বিশিষ্ট অতিথি কাৰবি স্বায়ত্ত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত চিং ইংতি, এমএচি মঙলচিং তিমুঙ, প্ৰাক্তন এমএচি ৰবিনচন ক্ৰু, কাৰবি আংলং জিলাৰ সংবাদ জগতৰ বাটকটীয়া নগেন বৰা, জাফাৰ ৰাজ্যিক সভাপতি লনচিং টেৰণ, জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰা, জিলা তথ্য তথা জনসংযোগ বিষয়া উৎপল ডিমাছা আৰু কাৰবি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ সংবাদিক সকল উপস্থিত থাকে৷
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসমবাণীৰ সম্পাদক দিলীপ চন্দনে নিজৰ বহুমূলীয়া ভাষণৰ প্ৰসংগত কয় যে, বৰ্তমান সময়ত সংবাদ মাধ্যম সমূহে ছ’চিয়েল মিডিয়াৰ সৈতে ফেৰ মাৰিবলৈ অৱকাশ আহি পৰিছে৷ ছ’চিয়েল মিডিয়াৰ তদন্তবিহীন আপলোডে সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ বাবে ৰাইজ লাহে লাহে বোধগম্য হৈছে৷ নীতি, নিষ্ঠাৰে তথ্যভিত্তিক আৰু উৎকৃষ্ট সংবাদ সেৱা আগবঢ়াই সংবাদ মাধ্যমত অধিক গণমুখী কৰিবলৈ যত্নপৰ হোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ এতিয়াও ৫০ শতাংশ লোকৰ ছপা মাধ্যমৰ ওপৰত আস্থা থকাৰ বাবে বৰ্তি আছে৷ আনহাতে সংবাদ জগতৰ অৱক্ষয় ৰোধ কৰিবলৈ সংবাদ কৰ্মী সকলে নিজৰ মাজতে আত্মবিশ্লেষণ কৰাৰ বাবে আহ্বান জনাইছে।