ডিজেটেল ডেস্কঃ বিৰাট আৰু অনুস্কাৰ বিয়াৰ চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ চৰ্চালৈ আহিছে বলিউডৰ আন এখন বিয়া কথা। দেশৰ তৰুণ-তৰুণীৰ হাৰ্টথ্ৰৱ ৰণবীৰ সিং আৰু দীপিকা পাডুকণৰ বিয়া কথা এইবাৰ চৰ্চালৈ আহিছে। ভাল খবৰ লৈ আহিল ৰণবীৰ আৰু দীপিকাই।

বিৰুস্কাৰ পিছত বলিউডৰ এই অভিনেতা-অভিনেত্ৰীৰ যুগ্ম জীৱনৰ পাতনি মেলাৰ খবৰে চৰ্চাৰ বিষয় হৈ পৰিছে। ৫ বছৰ ধৰি চলা প্ৰেমৰ সম্পৰ্ক অৱশেষত পতি-পত্নীৰ নাম দিবলৈ শ্ৰীলংকাত আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিবলৈ ওলাইছে ‘দীপবীৰে’৷

দীপিকাৰ জন্ম দিনটোতে এই পৰ্ব সম্পন্ন কৰিব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰে৷ ইফালে বিৰাট আৰু অনুস্কাৰ বিয়াৰ পিছত এইবাৰ দীপিকা-ৰণবীৰৰ এনগেজমেন্টক লৈ সকলোৱে উৎসুক হৈ পৰিছে৷ তাৰে লগতে পদ্মাৱতী চিনেমাৰ বিৰ্তকৰ মাজতে এনগেজমেন্টৰ সকলো ধৰণৰ ব্যৱস্থা সম্পন্ন কৰি তুলিছে এই দুয়ো অভিনেতা-অভিনেত্ৰীয়ে৷

বলিউডৰ এই দুই ছেলিব্ৰেটিয়ে ইতিমধ্যে ৰামলীলা,বাজিৰাও মস্তানি,পদ্মাৱতীৰ দৰে চিনেমাত অভিনয় কৰিছে৷  দুয়োগৰাকীৰ সম্পৰ্কক লৈ মিডিয়াত বিভিন্ন ধৰনৰ অপপ্ৰচাৰ চলিছিল৷ কিন্তু এই মূহূৰ্তত বলিউডৰ দুই লেয়লা-মজনু যে শ্ৰীলংকাত সেয়া পৰিস্কাৰ হৈছে৷