ডিজেটেল ডেস্কঃ বিৰাট আৰু অনুস্কাৰ বিয়াৰ চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ চৰ্চালৈ আহিছে বলিউডৰ আন এখন বিয়া কথা। দেশৰ তৰুণ-তৰুণীৰ হাৰ্টথ্ৰৱ ৰণবীৰ সিং আৰু দীপিকা পাডুকণৰ বিয়া কথা এইবাৰ চৰ্চালৈ আহিছে। ভাল খবৰ লৈ আহিল ৰণবীৰ আৰু দীপিকাই।
বিৰুস্কাৰ পিছত বলিউডৰ এই অভিনেতা-অভিনেত্ৰীৰ যুগ্ম জীৱনৰ পাতনি মেলাৰ খবৰে চৰ্চাৰ বিষয় হৈ পৰিছে। ৫ বছৰ ধৰি চলা প্ৰেমৰ সম্পৰ্ক অৱশেষত পতি-পত্নীৰ নাম দিবলৈ শ্ৰীলংকাত আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিবলৈ ওলাইছে ‘দীপবীৰে’৷