ডিজিটেল ডেস্কঃ পণ্য আৰু পৰিসেৱা কৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ লগে লগে দেশত কৰৰ ক্ষেত্ৰত বৃহৎ সংশোধনী কাৰ্যতঃ প্ৰয়োগ হ’ব। কিছুমান বস্তুৰ দাম বাঢ়িব, কিছুমানৰ কমিব। 

৩৫০ চিচিতকৈ কম ক্ষমতাসম্পন্ন বাইকৰ ক্ষেত্ৰত দামৰ সালসলনি নোহোৱাৰ নিয়মটো ৰয়েল এনফিল্ডৰ ৩৫০ চিচি ক্ষমতাৰ বাইকবোৰৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। 

তেনেদৰে এইবাৰ আশীৰ্বাদ আনিছে ভাৰতীয় বজাৰৰ জনপ্ৰিয় বাইক নিৰ্মাতা বাজাজ অট’ই। বাজাজে গ্ৰাহকলৈ আগবঢ়াইছে প্ৰি-জিএছটি অফাৰ। এই অফাৰৰ অধীনত ৪৫০০ টকা পৰ্যন্ত ৰেহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। 

'জিএছটি কাৰ্যকৰ হোৱাৰ সময়তে আমি এই অফাৰ আগবঢ়োৱাটো উপযুক্ত সময় বুলি ভাবিয়ে ১৪ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ এই অফাৰ দিয়া হৈছে’- এনেদৰে কয় বাজাজ অট’ৰ প্ৰেচিডেণ্ট এৰিক ভাচে কয়।