গুৱাহাটীঃ জনতা ভৱনত দিছপুৰ বিধানসভাৰ বিশেষ অধিবেশনৰ প্ৰথম দিনটোতে ৰাজপথত তেজৰ মোহৰ লগালে সদৌ অসম সংযোগী শিক্ষাকৰ্মী সংস্থাই। বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ থকা সংযোগী শিক্ষা কৰ্মীসকলক পুনৰ নিযুক্তি, বয়সৰ উৰ্ধসীমা ৰেহাই আৰু সহায়ক শিক্ষক হিচাপে পাঠদানত নিয়োজিত কৰাবলৈ দাবী জনাই অহা সংস্থাই আজি প্ৰতিবাদী কাৰ্য্যসূচীৰে উত্তাল কৰি তোলে লাষ্টগেট।

ইয়াৰ পূৰ্বেও ২৬ ফেব্ৰুৱাৰীত সংযোগী শিক্ষাকৰ্মীসকলে চৰকাৰ তথা শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ দীঘলীপুখুৰীৰ পাৰত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ নকৰাত পুনৰ ১৮ মাৰ্চত সৰ্বশিক্ষা মিছনৰ সঞ্চালকালয়ৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছতো চৰকাৰ তথা শিক্ষা বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি দিছপুৰ লাষ্টগেটত কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ন্যায় প্ৰাপ্তিৰ আশাত অধৈৰ্য হৈ পৰা শিক্ষাকৰ্মীসকলে অৱশেষত পুলিচৰ বেৰিকেড ভাঙি জনতা ভৱন অভিমুখে ধাৱমান হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱা দেখি উপস্থিত আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়৷

শেষত আৰক্ষীয়ে লাঠীচালনা কৰি প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিওৱাৰ চেষ্টা চলায়৷ এই লাঠীচালনাত কেইবাজনো প্ৰতিবাদকাৰী আহত হোৱাৰ লগে লগে পৰিস্থিতি আৰু অধিক উত্তাল হৈ পৰে।

অৱশেষত বশিষ্ঠ থানাৰ পৰা আৰক্ষী চিআৰপিএফৰ দল উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক আটক কৰি বশিষ্ঠ থানালৈ লৈ যায়। কিন্তু আটকাধীন প্ৰতিবাদকাৰীসকলে থানাৰ ভিতৰতো অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি ৰাখে৷