তেজপুৰঃ যুদ্ধংদেহী তথা বুদ্ধিমত্তাৰ ক্ৰীড়া হিচাপে সুনাম আছে দবাৰ। তীক্ষ্ন মেধা সম্পন্ন লোকৰ খেল হিচাপে গণ্য কৰা হয় দবাক। ভাৰতত শুভাৰম্ভ হোৱা বুলি প্ৰবাদ থকা এই খেলে সম্প্ৰতি বিশ্বৰ এক আগশাৰীৰ খেল হিচাপে স্বীকৃতি লাভ কৰিছে।

সু-পৰিকল্পনাৰে অগ্ৰসৰ হৈ বিপৰীত পক্ষক ধৰাশায়ী কৰাৰ কৌশল আয়ত্ত কৰিবলৈ মানসিক কচৰৎ নিতান্তই প্ৰয়োজনীয়। দবাৰ ক্ৰমবৰ্দ্ধিত জনপ্ৰিয়তা মফচলীয় চহৰসমূহতো দেখিবলৈ পোৱা গৈছে।

শোণিতপুৰ জিলাখনতো দবাৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ জিলাখনৰ অগ্ৰণী শোণিতপুৰ জিলা দবা সন্থাৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আয়োজন কৰা হৈছে দবা প্ৰতিযোগিতাৰ।

কেইবাটাও শাখাত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখন তেজপুৰস্থিত চৰকাৰী মজলীয়া বিদ্যালয় প্ৰাংগণত অহা ৮-১০ জুলাইত অনুষ্ঠিত হ'ব। আগ্ৰহী খেলুৱৈক ৯১২৭০৬৭৯৩২ আৰু ৯৭০৭৭৯৮৬৬৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে উদ্যোক্তাসকলে।