গুৱাহাটীঃ ৰঙৰ উৎসৱ ফাকুৱা শান্তিপুৰ্ণভাৱে উদযাপিত হোৱাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। নগৰ কামৰূপৰ উপায়ুক্তই সকলোকে শুভেচ্ছা জনোৱাৰ লগতে কোনোবাই যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সমুখীন হয়, তেন্তে আৰক্ষীৰ কাষ চাপিবলৈ আহ্বান জনাইছে।
ফাকুৱাৰ সুযোগ লৈ এচামে নিচাযুক্ত দ্ৰব্য সেৱন কৰি মহানগৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ কোনো সুযোগ লাভ নকৰে, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব আৰক্ষী-প্ৰশাসনে। তদুপৰি বোকা-পানী, নৰ্দমাৰ পানী-বোকা, কণি আদিৰে ফাকুৱা নেখেলি ফাকুৱাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈকো আহ্বান জনাইছে জিলা প্ৰশাসনে।ধাতৱীয় ৰাসায়নিক ৰং, অচিনাকী লোকৰ গালৈ ৰঙৰ বেলুন আদি দলিওৱাতো পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছে প্ৰশাসনে।