Home ভাইৰেলগুগল মেপে ভাঙিলে সংসাৰ

গুগল মেপে ভাঙিলে সংসাৰ

by News Desk
92 views
A+A-
Reset

ডিজিটেল ডেক্সঃ বৰ্তমান সময়ত আমাৰ দৈনন্দিন জীৱনত গুগলৰ প্ৰভাব অপৰিসীম।নজনা কথা জনাৰ পৰা ৰাষ্টা-ঘাট বিচৰালৈকে প্ৰায় সকলো কামেই আজিকালি গুগল মেপৰ সহায়ত কৰা হয়।অচিনাকী ঠাইলৈ যোৱা মানুহেও হাতৰ মুঠিতেই থকা এনৰ’য়ড ফোনতোত থকা গুগল মেপখনৰ সহায়ত হোটেল-ৰেষ্টোৰাৰ পৰা আৰম্ভ কৰি বেঙ্ক-শ্বপিংমলকে আদি কৰি অচিনাকী ঠাইখনৰ ৰাষ্টা-ঘাট বিচাৰি উলিয়াব পাৰে।জীবন কিমান সহজ হৈ পৰিল এতিয়া। কাকো নোসোধাকৈ আমি এতিয়া গোটেই পৃথিৱীখনকেই তন্ন তন্নকৈ চাব পৰা হলো।
কিন্তু এই গুগল মেপৰ এই সুবিধাই যেন কাল হ’ল এগৰাকী মহিলাৰ কাৰনে।এগৰাকী মহিলাৰ জীৱনত যে এনেকুৱা ঘটনা ঘটিব তেঁও কোনেও হয়তো সপোনতো ভাবিব নোৱাৰিব। বৃটিছ সংবাদমাধ্যমত প্ৰকাশিত এক বাতৰি মতে ঘটনাটি পেৰুৰ, এজন মানুহে তেঁওৰ মোৱাইল ফোনতোত গুগল মেপত চাৰ্চ কৰি কৰি এনেয়েই পেৰুৰ ৰাজধানী লিমাৰ ওচৰৰ দলং এখনৰ চৌ-পাখটো চাই আছিল।
ঠাইডোখৰৰ ৰাষ্টা-ঘাট, পাৰ্ক আদিবোৰ চাই থাকোঁতে মানুহজনৰ চকুযুৰি এঠাইত হঠাৎ ৰৈ গ’ল। এটা ৰাষ্টাৰ কাষৰ বেঞ্চ এখনত নীলা ৰঙৰ জীনচ আৰু বগা টি-চাৰ্ট পৰিহিত ব্যক্তি এগৰাকী শুই থকা দেখা গৈছে আৰু এই শুই থকা ব্যক্তিজনে ক’লা আৰু বগা পোচাক পৰিহিত এগৰাকী মহিলাৰ কোলাত মুৰ থৈ শুই আছিল।লগে লগে মানুহজনে গুগল মেপখন আৰু জুম কৰি দেখিলে যে তেঁও গুগল মেপত দেখা এই মহিলা গৰাকী আন কোনো নহয়,সেইগৰাকী মহিলা তেঁওৰেই পত্নী। নিজৰ পত্নীৰ পৰকীয়া প্ৰেমৰ কথা নিজ চকুৰে দেখি মানুহজনে লগে লগে বিৱাহ-বিচ্ছেদৰ সিদ্ধান্ত ল’লে আৰু এনেকৈয়েই আমাৰ জীৱন সহজ কৰা গুগল মেপে এহাল দম্পত্তিৰ সুখৰ সংসাৰ এখনত জুই লগালে।
বিবাহ বিচ্ছেদৰ পিছত মানুহজনে ছচিয়েল মেডিয়াত এই ফটোখন আপলোড কৰিছিল। আৰু এইদৰে গুগল মেপে পৃথিৱীত প্ৰথমবাৰৰ বাবে কাৰোবাৰ সংসাৰ ভাঙিলে। গতিকে পৰকীয়া প্ৰেমিকসকল সাৱধান হোৱা উচিত, তেঁওলোক অন্ততঃ গুগলমেপৰ পৰা আঁতৰত থকাই মঙ্গল ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0