গুৱাহাটীঃ আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়ে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীতে নাগৰিকৰ জীৱন-সম্পত্তী সুৰক্ষিত নহয়৷ মন্ত্ৰী-বিধায়ক, আমোলা বিষয়াৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, উদ্যোগপতি মহানগৰীতে বসবাস কৰে৷ তথাপিও যেন দুৰ্বৃত্তই যেতিয়াই যি ইচ্ছা তাকেই কৰিব পাৰে৷
সোমবাৰে দুপৰীয়া মহানগৰীৰ মাজ মজিয়াৰ ব্যস্ত বশিষ্ঠৰ বেলতলাৰ পৰা ৫ লাখ টকা লুটি লৈ যায় দুৰ্বৃত্তই৷ জানিব পৰা মতে, এগৰাকী লোকে ICICI বেংকৰ পৰা টকা খিনি উলিযায় পথৰ দাতিত ৰখাই থোৱা নিজৰ ৪ চকীয়া বাহনৰ ভিতৰত থৈ কিছু নিলগত কামৰ বাবে যায়৷ কিছু সময় পিছতে এখন বাইকত অহা দুজন লোকে পথৰ দাতিত ৰখাই থোৱা বাহন খনৰ আইনা ভাঙি টকা খিনি লৈ উধাও হয়৷