গুৱাহাটীঃ কৰ’না ভাইৰাছক লৈ সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে আতংক। ইয়াৰ মাজতে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ উৎপলজিৎ বৰ্মনে দেওবাৰে বিয়লিৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰা ঘটনাই সকলোকে শোকাভিভূত কৰি তুলিছে।
জানিব পৰা মতে, কৰ’নাক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতিতো যাতে সুস্থ হৈ থাকি ৰোগীক সেৱা আগবঢ়াব পাৰে তাৰ বাবে ‘হাইড্ৰঅক্সিক্লৰ’কুইন’ নামৰ ঔষধবিধ সেৱন কৰিছিল মহানগৰীৰ বৰবৰিস্থিত প্ৰতীক্ষা হাস্পতালৰ এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ বৰ্মনে। ইয়াৰ পিছতে ঔষধবিধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত চিকিৎসকগৰাকী দেহত হৃদৰোগ সদৃশ সমস্যাই দেখা দিয়ে বুলি ধাৰণা কৰা হৈছে।