গুৱাহাটীঃ “শিপাৰ লগত সম্পৰ্ক থাকিলেহে জীৱনত সফল হ’ব পাৰি৷ জীৱনত আগবাঢ়ি যোৱাৰ লগতে শিক্ষাৰ্থীসকলে নিজৰ সমজখনৰ কথা মনত ৰাখিব লাগিব৷ “অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তনত সঞ্চালনা কৰি এইদৰে কয় অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ বানৱাৰীলাল পুৰোহিতে৷
বিশ্ববিদ্যালয়খনৰ আজাৰা চৌহদত শনিবাৰে অনুষ্ঠিত সমাৱৰ্তনত দেশ-বিদেশৰ ৭২৪ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়৷ ইয়াৰে ২০৪ গৰাকীক অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী, ৪১ গৰাকীক এম টেক, ৫৪ গৰাকীক এম এছ ডব্লিউ, ২০ গৰাকীক এম চি এ, ৩৪ গৰাকীক এম বি এ, ৯ গৰাকীক মনোবিজ্ঞানৰ, ৫ গৰাকীক মানৱ অধিকাৰৰ , ৪ গৰাকীক গণসংযোগৰ, ৭ গৰাকীক শিক্ষাৰ, ১৩ গৰাকীক পদাৰ্থ বিজ্ঞানৰ, ১৪ গৰাকীক লাইফ ছায়েঞ্চৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু ৬ গৰাকীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হয়৷