ডিজিটেল ডেস্কঃ কুৰিতে বুঢ়ি বুলি কৈ ছোৱালীক সোনকালেই বিয়া দিয়াৰ প্ৰৱণতা এটা আগৰপৰাই আছে। কলেজ গৰকাৰ দিনৰ পৰাই আৰম্ভ হয় ছোৱালীবোৰক অতীষ্ঠ কৰি তোলা প্ৰশ্ন- বিয়া কেতিয়া? ল’ৰাৰ বেলিকাও তেনে এক প্ৰশ্ন আহে ৩০ বছৰৰ আশে-পাশে। নাতিয়েকৰ মুখ চোৱাৰ আশা পালি থকা ককা-আইতাকৰ পৰা আৰম্ভ কৰি বিয়াখন পাতি দি দায়িত্ব সামৰিব বিচৰা অভিভাৱকৰ সংখ্যা একেবাৰেই তাকৰ নহয়। আকৌ ওচৰ-চুবুৰীয়া আছেই!

কিন্তু তেনে এক প্ৰশ্নৰে চুবুৰীয়াই ব্যতিব্যস্ত কৰাৰ পৰিণাম কি হ’ব পাৰে তাৰেই এক উদাহৰণ হৈ পৰিছে ইণ্ডোনেছিয়াৰ এটা ঘটনা। কামপুং পাছীৰ জং নামৰ ঠাইত ফৈয়েজ নাৰ্দিন নামৰ এগৰাকী ২৮ বছৰীয়া এজন যুৱকে ঘৰৰ বাৰান্দাত বহি থাকোতে চুবুৰীৰে মহিলা এগৰাকীয়ে তেওঁক কেতিয়া বিয়া পাতিব, সময়ত বিয়া নাপাতিলে কি কি সমস্যা হ’ব আদি বিষয়ে কৈ আছিল। 

'সকলোৱে বিয়া পাতিব ধৰিছে, তুমি কিয় পতা নাই?- আইশ্বাহ নামৰ মহিলাগৰাকীৰ এনেধৰণৰ প্ৰশ্নই ফৈয়েজ নাৰ্দিন নামৰ যুৱকজনৰ আত্মসন্মানত আঘাত কৰে। ১৯ জানুৱাৰীৰ দিনা আগবেলা এনেদৰে মহিলাগৰাকীৰ কথাত ক্ষোভিত হৈ পৰা নাৰ্দিনে আবেলি মহিলাগৰাকীৰ ঘৰলৈ গৈ শোৱনী কোঠাতে হত্যা কৰে। পিছত আৰক্ষীয়ে পলাতক নাৰ্দিনক আটক কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। 

বি.দ্ৰ.- এয়া নিতান্তই স্বাভাৱিক কথা যে বিয়া পতা-নপতা ব্যক্তিৰ ব্যক্তিগত কথা। সেই লৈ কোনোবাই প্ৰশ্ন কৰিলে খং উঠা, অপমানবোধ কৰাটোও বহুক্ষেত্ৰত স্বাভাৱিক কথা। কিন্তু সেয়া সোধা বুলিয়েই তাৰ কাৰণে কাৰোবাৰ অপকাৰ সাধন কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে। যুৱকজনৰ আজীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। 

প্ৰতিবেদনৰ উত্সঃ worldofbuzz.com