Home ৰাজ্যচৰকাৰে দেশদ্ৰোহীতা দেখা পোৱা ড০ হীৰেন গোহাঁইৰ ভাষণটোৰ পূৰ্ণপাঠ

চৰকাৰে দেশদ্ৰোহীতা দেখা পোৱা ড০ হীৰেন গোহাঁইৰ ভাষণটোৰ পূৰ্ণপাঠ

by News Desk
A+A-
Reset
485ea600-5237-4a72-9ea6-ced0aef2dad5

উপস্থিত সংগ্ৰামী ৰাইজ‌। অসম বিভিন্ন আন্দোলনত বলীয়া হৈ আছে‌। কিন্তু বিকাশৰ কাৰণে, উন্নয়নৰ কাৰণে কোনো সুযোগেই নাপায়‌। এটাৰ পাছত এটা বিপৰ্যয় আহি আমাক বিভ্ৰান্ত, উদভ্ৰান্ত কৰি আছে‌। আমি তাৰ পৰা কিছু শিক্ষা লাভ কৰিছো‌ঁ। আবেগ সাৰোগত কৰি নহয়‌। আবেগ লাগিব‌। আবেগ মানুহৰ ৰক্ত প্ৰবাহৰ নিচিনা‌। আবেগ নহ’লে কোনো আন্দোলনে নহয়‌। কিন্তু এই আবেগৰ ভিত্তিত কিছুমান নীতি-আদৰ্শ নিশ্চয় লাগিব‌। আমি যে ধৰ্ম-নিৰপেক্ষতাৰ কথা কৈছোঁ, এই ধৰ্ম নিৰপেক্ষতা পাতনিৰে পৰা থকা সংবিধানৰ এটা প্ৰতিশ্ৰুতি‌, সংবিধানৰ এক অন্যতম আধাৰ। গতিকে ধৰ্ম-নিৰপেক্ষতা যি দল, যি চৰকাৰে উলংঘা কৰিবলৈ বিচাৰে আমি সেই চৰকাৰ নিপাত যোৱাটো নিশ্চয় বিচাৰোঁ‌। কিন্তু তাৰ দ্বাৰা আমি কি কৰিছোঁ? আমি এই কথা ঘোষণা কৰি ভাৰতৰ ধৰ্ম-নিৰপেক্ষ যিটো চৰিত্ৰ তাক ৰক্ষা কৰিব বিচাৰিছো‌ঁ। অসমৰ বাবে যুঁজ কৰি আমি, অসমৰ অস্তিত্বৰ বাবে যুঁজ কৰিম, ভাৰতৰ সংবিধান ৰক্ষাৰ যুঁজত আমি ব্ৰতী হ’ম‌।

আপোনালোকে জানে যে ১৯৪৬, ৪৭ চনত, যেতিয়া ধৰ্মৰ ভিত্তিত বংগ দেশ বিভাজন হৈছিল, তেতিয়া আমাৰ দূৰদৰ্শী দেশপ্ৰেমিক নেতা গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শক বুকুত বান্ধি সেইধৰণৰ আহ্বানৰ প্ৰতি বিৰোধিতা জনাইছিল‌। জিন্না, মৌলানা ভাসানীৰ যি হুংকাৰ তাক তেত্তঁলোকে নেত্তচিছিল, হিন্দু ৰাষ্ট্ৰৰ সপক্ষে থিয় হৈ পেলায়‌। ধৰ্ম-নিৰপেক্ষ ভাৰতীয় ৰাষ্ট্ৰৰ সপক্ষে তেত্তঁ থিয় দিছিল‌। আৰু এই ধৰ্ম-নিৰপেক্ষতা হৈছে আমাৰ সংবিধানৰ অন্যতম ভিত্তি‌। গতিকে ধৰ্ম-নিৰপেক্ষতাৰ সপক্ষে যুদ্ধ কৰা, আৰু ধৰ্মীয় ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰাসকলে ভাৰতৰ কাৰণে যুদ্ধ কৰিছে, অসমৰ কাৰণে কিন্তু যুদ্ধ নহয়‌।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0