গুৱাহাটীঃ ‘মই অসমীয়া’ বুলি কৈ নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক পদৰ পৰা অব্যাহতি ল’লে সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে। কিছু সময় পূৰ্বে উক্ত পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ‘মাকাম’ৰ স্ৰষ্টাগৰাকীয়ে।
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে লেখিকাগৰাকীৰ হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁক এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই আহিছিল। অনুৰাগীৰ এনে আহ্বানৰ মাজতে ফেচবুকত ‘মই অসমীয়া’ বুলি এটি পোষ্ট আপডেট দিছিল লেখিকাগাৰকীয়ে।