4
ঝিয়াংচুঃ হঠাৎ লাজত মূৰ তল কৰিলে পথচাৰীসকলে। চালকসকলেও মুহূৰ্তৰ বাবে মূৰ ঘূৰাই গাড়ীৰ গতিবেগ বঢ়াই আঁতৰি গ’ল। ৯০ মিনিট ধৰি এনে ঘটনাই অব্যাহত থাকিল ৰাজপথত।
ঘটনাতো চীনৰ ব্যস্ত চহৰ ঝিয়াংচুৰ। এনডিটিভিত প্ৰকাশিত বাতৰি অনুযায়ী চীনা চহৰখনৰ ৰাজপথত থকা বৃহৎ ডিজিটেল স্ক্ৰীণত দিনদিয়েক পূৰ্বে দেখা যায় এক অদ্ভূত দৃশ্য। বিজ্ঞাপন প্ৰদৰ্শনৰ বাবে পথৰ দাঁতিত আঁৰি দিয়া এখন বৃহৎ স্ক্ৰীণত সেইদিনা দেখা পোৱা হোৱা নাছিল কোনো বিজ্ঞাপন।