ওদালগুৰিঃ ‘বি টি চিৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত বি টি চিৰ পুঁজিৰে স্থাপন কৰা হ’ব অসমৰত্ন ড৹ ভূপেন হাজৰিকাৰ একোটাকৈ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি। ভূপেন হাজৰিকাই অসমীয়াক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই থৈ গৈছে। ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন সাহিত্য সভালৈ পূৰ্বতকৈ অধিক বৰঙণি আগবঢ়াব লাগে।’— এই ভাষ্য বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
বৃহস্পতিবাৰে ওদালগুৰি সাহিত্য সভা কাৰ্যালয়ৰ চৌহদত ড৹ ভূপেন হাজৰিকাৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই ভাষ্য প্ৰদান কৰে মহিলাৰীয়ে। তেওঁ লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি জ্বলি থকা জুইকুৰা অতি কম সময়ৰ ভিতৰতে নিৰ্বাপিত হ’ব।