চামগুৰিঃ মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ ৰে’ল হিচাপে চিহ্নিত হৈ অহা শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে’লখনক লৈও এতিয়া সংশ্লিষ্ট বিভাগে দেখুওৱা মাহীআই দৃষ্টিৰ বিষয়ে প্ৰমাণ পোৱা গৈছে সোমবাৰৰ দুটাকৈ ঘটনাত।
সোমবাৰে পুৱা ৰে’লখনে শিলঘাটৰপৰা যাত্ৰা কৰাৰ পাছতেই প্ৰথমেই নগাঁৱৰ পুৰণিগুদাম আৰু তাৰপাছতেই বেবেজীয়াত দুবাৰকৈ হোৱা যান্ত্ৰিক বিজুটি বাবে ৰে’লখন বহু সময় ধৰি আবদ্ধ হৈ থাকিব লগীয়া হয়। যাৰ বাবে হাৰাশাস্তি ভোগ কৰিবলৈ বাধ্য হ'ল ৰে’লখনত অহা সহস্ৰাধিক গুৱাহাটী অভিমুখী যাত্ৰীয়ে।
চৰকাৰী কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৰে’লৰূপে বিবেচিত ৰে’লখনৰ এনে অৱস্থা হোৱাৰ বাবে ৰে’ল বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ভোক্তভুগী যাত্ৰী সকলে। আনহাতে, ৰে’ল বিভাগে বহু সময়ৰ পাছত চাপৰমুখৰপৰা অন্য ইঞ্জিন অনাৰ পাছতহে পুনৰ ৰে’লখনে গুৱাহাটীৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হয়।