66
তেজপুৰঃ শাৰদীয় বতৰত নাটক কৰা মাদকতা গ্ৰাম্যাঞ্চলত অতি সুন্দৰ। তেজপুৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত শাৰদীয় বতৰত নাটক কৰি নাটকৰ পৰিবেশ গঢ়ি তোলা হয়। তেজপুৰৰ মিলনপুৰ, ডিপোটাত সেই পৰিৱেশ আজিও বিৰাজমান।
তেজপুৰৰ মিলনপুৰৰ পদ্মনাথ গোহাইবৰুৱা আৰু সুধাকণ্ঠ ভুপেন হাজৰিকা ৰংগমঞ্চত এইবেলি দুখন নাটক মঞ্চস্থ কৰা হ’ব। দেওবাৰে নিশা নাটক দুখন ক্ৰমে “মৃত প্ৰেয়সীৰ বিবাহ” আৰু “শৰৎত সোনতলি গাঁৱৰ মেলা” শুভ মহুৰত আৰম্ভ কৰা হয়।