100
সৰভোগঃ সৰভোগৰ বৃহত্তৰ বৰনগৰ অঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰিদমৰ উদ্যোগত আৰু দাপোন দ্যা মিৰৰ সহযোগত ৩ জুলাইৰ পৰা আৰম্ভ হোৱা শিশু নাট কৰ্মশালা ২৭ জুলাইত সামৰণি পৰিব৷
৪৫ নং উত্তৰ গনক গাড়ী নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত সপ্তম বাৰ্ষিক গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে দীপু আৰু গনেশ বসুমতাৰী। কৰ্মশালাৰ ২৭ জুলাইৰ সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সৃষ্টিমূলক অনুষ্ঠানৰ লগতে নাট প্ৰদৰ্শন কৰিব৷