চামগুৰিঃ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা সদৌ অসম ডাকযোগে ছবি অঁকা প্ৰতিযোগিতাৰ ফলাফল সমূহ আজি ঘোষনা কৰা হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪৫০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ছবি অঁকা প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি বিয়লি পুৰণিগুদাম প্ৰেছ ক্লাৱে ঘোষণা কৰে৷
প্ৰতিযোগিতাৰ ফলাফল অনুসৰি ক-শাখাত নগাঁৱৰ ওৱাজাহাদ ওৱাচি ইছলামে প্ৰথম স্থান, নগাঁৱৰ নিশিতা বৰাই দ্বিতীয় স্থান, শিঙিয়াৰ অভিলাষা শৰ্মা আৰু নগাঁৱৰ পৰিস্মিতা গোহাঁই বৰুৱাই যুটীয়াভাৱে তৃতীয় স্থান, নগাঁৱৰ কাশ্মিৰী শিৱমে বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে৷