57
গৌৰীসাগৰঃ চালকক চেণ্ডেলেৰে চৰ। এগৰাকী কলেজীয়া ছাত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। শিৱসাগৰ জিলাৰ জাঁজীত সংঘটিত এই ঘটনাই লাভ কৰিছে নাটকীয় ৰূপ।
জানিব পৰা মতে, যোৱা ২৮ জুনত কেইগৰাকীমান ছাত্ৰীয়ে মেজিকত উঠি কলেজলৈ আহি আছিল। তেনেতে হঠাৎ মেজিকখনৰ চকা ফুটি যায়। চকা ফুটি সৃষ্টি হোৱা শব্দত উচপ খাই আটাইকেইগৰাকীয়ে ছোৱালীয়ে জোৰেৰে চিঞৰি উঠে। লগে লগে চালকজনে গাড়ীখন ৰাস্তাৰ কাষতে ৰখাই স্পেয়াৰ টায়াৰ লগাবলৈ আৰম্ভ কৰে।