ডিজিটেল ৰিপ’ৰ্ট “কেন্দ্ৰীয় চৰকাৰে সংবিধান উলংঘা কৰি মানৱ অধিকাৰ আইন উলংঘা কৰিছে৷ চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে আমি ৰাষ্ট্ৰ সংঘলৈ যাম৷ ভাৰত চৰকাৰে আমাক কৰা প্ৰতাৰণাৰ কথা আমি ৰাষ্ট্ৰসংঘক অৱগত কৰিম৷” এই মন্তব্য গণ অধিকাৰ সংগ্ৰাম সমিতিৰ সাধৰণ সম্পাদক সঞ্জয় কৃষ্ণ তাঁতীৰ৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি অহা তাঁতীয়ে আজি ‘নিউজ নেক্সট ৱান’ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ৰাজ্য চৰকাৰে বাৰে বাৰে ৬ জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে বুলি কৈ আৱেগিক হৈ পৰে৷
তাঁতীয়ে শীঘ্ৰে ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰি অসমৰ ৰাইজক চৰকাৰে কৰা বঞ্চনাৰ বিষয়ে আলোচনা কৰিব বুলি সদৰী কৰে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰদৰে স্পৰ্শকাতৰ বিষয় এটিক চৰকাৰে চূড়ান্তভাৱে আওকাণ কৰাৰ লগতে ২০১৬ চনৰ মে’ মাহৰ পৰা মডেলিটি প্ৰকাশৰ নামত প্ৰৱঞ্চনা কৰি অহা কাৰ্যৰ বিৰুদ্ধেও ক্ষোভ উজাৰে জনগোষ্ঠীয় নেতাজনে।